মাজুলীঃ বিগত কেইদিনমান ধৰি হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত বানে গৰকা নিমিষতে ব্ৰহ্মপুত্ৰৰ বানে বুৰাই পেলোৱাৰ আশংকাত শংকিত হৈ পৰিছে মাজুলীবাসী। কিয়নো নদীদ্বীপ মাজুলীৰ নদীবান্ধ হিচাপে থকা মথাউৰিকেইটাৰ কাম বৰ্তমানেও সম্পূৰ্ণ হৈ উঠা নাই।

এই লৈ মাজুলীবাসী তীব্ৰ আশংকাত ভুগিছে। ৩১ মাৰ্চৰ ভিতৰত মথাউৰিসমূহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়াৰ পাছতো সম্পূৰ্ণ নোহোৱাত পুনৰ ৩০ মেলৈ সময়সীমা বঢ়াই দিয়ে যদিও এতিয়াও মাজুলীৰ প্ৰায়সমূহ মথাউৰিৰেই ৬০ শতাংশই কাম আধৰুৱা হৈ আছে।

এই মথাউৰিসমূহৰ কাম তীব্ৰ গতিত কৰাৰ বাবে মাজুলীবাসীয়ে দাবী জনোৱাৰ লগতে বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে।