18
Aug
2017

ছিপাঝাৰঃ বৰষুণৰ বতৰ৷ এতিয়া যেন নৈৰ বাঢ়নী পানীত মাছ ধৰাৰ সময়৷ জকাইচুকৰ ডেকা-বুঢ়াই এতিয়া হাতত জাল লৈ মাছ ধৰিবলৈ যায়৷ বাঢ়নী পানীত মাছ ধৰিবলৈ গৈ আজি প্ৰাণ গ’ল দুগৰাকী লোকৰ৷
দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰত বন্ধুৰ সৈতে মাছ ধৰিবলৈ গৈছিল কেইবাগৰাকী লোকে৷ ধলপুৰত মাছ মাৰি থাকোতেই বজ্ৰপাত পৰি আহত হয় কেইবাগৰাকী লোক৷ বজ্ৰপাত পৰাৰ পাছতে হাহাকাৰ লাগে ধলপুৰত৷
ততাতৈয়াকৈ চিকিৎসালয়ত আনিবলৈ ধৰোতেই আজগড় আৰু চাইফুদ্দিন নামৰ দুগৰাকী লোকৰ বজ্ৰপাত পৰা ঠাইতে মৃত্যু হয়৷ একেলগে মাছ ধৰি থকা হাটেম আলি¸ মুছলিম আলি, চাইৰুদ্দিন আলি আৰু মহিৰুদ্দিন নামৰ লোক কেইজন গুৰুতৰ ভাবে আহত হয়৷ আহত লোক কেইজনক সংকটজনক অৱস্থাত ছিপাঝাৰ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয়৷