শুক্লাইঃ এজাক বৰষুণৰ পাছতে ৰাজ্যৰ ঠায়ে ঠায়ে পুনৰ সৃষ্টি হৈছে প্ৰৱল বানৰ৷ ভূটানৰ পৰা বৈ অহা তীব্ৰবেগী শুক্লাইৰ ধলে ব্যাহত কৰিছে ওদালগুৰি-তামুলপুৰ গড়কাপ্তানী পথৰ যাতায়ত ব্যৱস্থা।নৈ খনত আজিলৈকে এখন পকি দলং নোহোৱাৰ বাবে ভেৰগাঁৱৰ ভূটান সীমান্তৰ কেইবাখনো গাঁৱৰ সহস্ৰাধিক ৰাইজে বাৰিষা যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভূগি আহিছে।

আনকি নৈখনত পানীৰ ধল আহিলে এম্বুলেঞ্চ সেৱাও সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰে বৃহত্তৰ অঞ্চলটোত। যাৰ বাবে বহু ৰোগী বা প্ৰসুতিয়ে বিনা চিকিৎসাই মৃত্যু পৰ্যন্ত আকোঁৱালী ল’বলগীয়া হৈছে। অনুৰূপ ঘটনাই সংঘটিত হ’ল সোমবাৰে সন্ধিয়া ভেৰগাঁৱৰ শুক্লাইত। হঠাতে শুক্লাই নৈ ফেনে ফোটোকাৰে বাঢ়ি অহাত নৈৰ পাৰতে আৱদ্ধ হৈ পৰে এখন এম্বুলেঞ্চ।

এগৰাকী প্ৰসূতিক তেজপুৰৰ পৰা কঢ়িয়াই আনিছিল ভেৰগাঁৱৰ শুক্লাই লৈ। কিন্তু হঠাতে নৈৰ পাৰত আৱদ্ধ হৈ পৰাত বহু আহুকালৰ সম্মুখীন হয় পৰিয়ালটো। ইয়াৰ পূৰ্বেও বহু লোক এনেদৰে নৈৰ পাৰত আৱদ্ধ হৈ নিশা কটাবলগীয়া হৈছিল বুলি জানিব পৰা গৈছে। ১৯৬২ চনতে নিৰ্মাণ হোৱা ইউ-টি ৰোডৰ শুক্লাই নৈত আজিলৈকে এখন দলং নিৰ্মাণ নোহোৱাত ৰাইজৰ দুৰ্দশাৰ সীমা নোহোৱা হৈছে।

অৱশ্যে ৰাইজৰ প্ৰৱল দাবীত আঠ মাহ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজ হাতে শুক্লাই নৈত পকি দলঙৰ আধাৰশিলা স্থাপন কৰিছিল যদিও আজিলৈকে ইয়াৰ কাম আৰম্ভ নহ’ল। ৰাইজৰ দাবী শীঘ্ৰে ইয়াত এখন পকি দলং নিৰ্মাণ কৰি ৰাইজক যাতায়তৰ ক্ষেত্ৰত ভূগি অহা দুৰ্ভোগৰ পৰা মুক্ত কৰক।