শুক্লাইঃ ওদালগুৰি জিলাৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং শুক্লাইৰ ডিম্বেশ্বৰ দাস (৪১) নামৰ লোকজনৰ বহিঃৰাজ্য বেংগালুৰু যোৱাৰ পথত ৰেলত সন্ধানহীন হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

৩ নং শুক্লাইৰ দুই সন্তানৰ পিতৃ ডিম্বেশ্বৰ দাস কৰ্মসংস্থান বিচাৰি যোৱা ২২ মে’ত সাতজন বন্ধুৰ সৈতে ৰঙিয়াৰ পৰা বেংগালুৰু অভিমুখে যোৱা ৰেলত উঠে। ৰেলত গৈ থাকোতেও ডিম্বেশ্বৰ দাসে পৰিয়ালৰ লগত ফোন যোগে কথা-বতৰা পাতে।

কিন্ত বুধবাৰৰ পৰা দাসৰ মোবাইল ছুইটচ্ অফ হৈ আছে। আনহাতে ডিম্বেশ্বৰ দাসৰ আন সাতজন বন্ধু বেংগালুৰু ষ্টেচনত নামে ২৪ মে’ত। কিন্তু ডিম্বেশ্বৰৰ কোনো শুংসূত্ৰ নোলাল।

আজি এই ঘটনা সন্ধৰ্ভত ডিম্বেশ্বৰ দাসৰ পৰিয়ালে তেঁওৰ শুংসূত্ৰ বিচাৰি ডিমাকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক এজাহাৰ দাখিল কৰে।

ডিম্বেশ্বৰৰ সন্ধান পালে ওচৰৰ আৰক্ষী থনা অথবা 95775-41050 আৰু 70027-41622 ফোন নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

উল্লেখ্য যে বহিঃৰাজ্যত কৰ্মসংস্হান বিচাৰি যোৱা একাধিক লোক ৰেলত অথবা বেংগালুৰু, হায়দৰাবাদ, মুম্বাই, দিল্লীত নিৰুদ্দেশ হৈ আছে যদিও অসম চৰকাৰে তেওঁলোকক উদ্ধাৰৰ বাবে আজিলৈ কোনো কাৰ্য্যব্যৱস্থা হাতত নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে।