
ঢেকীয়াজুলিঃ ঢেকীয়াজুলি বিধান সভা সমষ্টিৰ বিধায়ক অশোক সিংহলৰ নিজ সমষ্টিৰ তিনিখনকৈ গাঁও এতিয়া বিলশিৰি নদীৰ ভয়ংকৰ খহনীয়াৰ কৱলত পৰিছে যদিও খবব ল’বলৈ কোনো নাই বুলি অভিযোগ উত্থাপিত হৈছে৷
বাৰিষা আৰম্ভ হোৱাৰ লগে লগেই ঠেলামৰা ৰাজহ চক্ৰৰ অন্তৰ্গত বালিগাঁও, পঠালীখোৱা আৰু বালিগাঁও বঙালী এই তিনিখন গাঁৱৰ শ শ পৰিয়ালৰ শ শ বিঘা কৃষিভূমি আৰু ঘৰ-দুৱাৰলৈ প্ৰচণ্ড ভাবুকি সৃষ্টি কৰি বিলশিৰি নৈয়ে কালৰূপ ধাৰণ কৰিছে৷
খহনীয়া আাক্ৰান্ত ৰাইজে অনুনয়-বিনয় কৰাৰ পাছতো আজি পৰ্য্যন্ত সেই স্থানত এজনো জনপ্ৰতিনিধি কিম্বা জলসম্পদ নিয়ন্ত্ৰণ বিভাগৰ লোক উপস্থিত নহল বুলি জানিব পৰা গৈছে।
৬ জুলাইৰ নিশাৰে পৰা পুনৰ বিলশিৰি নদীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি তিনিওখন গাঁৱৰে ৰাইজক শংকিত কৰি তুলিছে৷ ইতিমধ্যে হাজাৰ হাজাৰ বিঘা কৃষিভূমি খহনীয়াৰ বুকুত জাহ গৈছে৷ কেইবাটাও নৈ কাষৰীয়া পৰিয়ালৰ ঘৰ-বাৰী পানীত বুৰ গৈছে৷
সৰ্বশ্ৰান্ত লোক সকলে ঘৰ-দুৱাৰ এৰি টুলুঙা নাৱেৰে নিৰাপদ দুৰত্বলৈ ঢাপলি মেলিছে৷ ইমানৰ পিচতো সেই সমূহ দুৰ্গতৰ কাষত ঠিয় দিবলৈ আহৰি নাই বিধায়ক সিংহল কিম্বা বিভাগীয় লোক সকলৰ- ৰাইজৰ অভিযোগ।
ৰাইজে কৰা অভিযোগ অনুসৰি প্ৰথম বাৰ খহনীয়া আৰম্ভ হোৱাৰ সময়তেই তেওঁলোকৰ কাষলৈ স্থানীয় বিধায়ক গৰাকী গৈছিল যদিও আদ বাটৰ পৰাই তেওঁ উভতি যায়৷
খহনীয়া ৰোধৰ বাবে অঞ্চলটোত কোনো ধৰণৰ আগতীয়া ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই আজি ৰাইজে এনেদৰে জীয়াতু ভুগিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ কথা ৰাইজে আক্ষেপেৰে কয়৷
ইফালে চৰকাৰী পক্ষৰ কোনো ধৰণৰ সহায় নোপোৱাকৈয়ে বালিগাওঁ বঙালীত ৰাইজে নিজা প্ৰচেষ্টাৰে বাহঁ কাঠ দি নদীৰ গতি সলনি কৰাবলৈ উঠিপৰি লাগিছে৷
অবশ্যে ঠেলামৰা ৰাজহ চক্ৰ বিষয়া আজি খহনীয়া আক্ৰান্ত অঞ্চলত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় যদিও এতিয়ালৈকে প্ৰশাসনৰ তৰফৰ পৰাও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে৷