
newsnextone.com | ডিজিটেল ডেস্কঃ পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে দেশত নতুন ৰেকৰ্ড গঢ়িছে৷ প্ৰতিদিনে বৃদ্ধি হৈ থকা পেট্ৰল-ডিজেলৰ আকাশলংঘী মূল্যই এতিয়া সাধাৰণ-নিম্ন-মধ্যবিত্তক জ্বলা-কলা খুৱাইছে৷ মূল্য বৃদ্ধি বন্ধ হোৱাৰ আশ্বাস দি শাসনৰ গাদীত অধিষ্ঠিত হোৱা কেন্দ্ৰৰ মোডী চৰকাৰে প্ৰতিদিনে বৃদ্ধি কৰিছে পেট্ৰল-ডিজেলৰ মূল্য৷ যাৰ ফলত মোডীক মিথ্যাচাৰী আখ্যা দিবলৈও কুণ্ঠাবোধ কৰা নাই সাধাৰণ জনতাই৷
কৰ্ণাটক নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এদিন পূৰ্বৰে পৰা ক্ৰমাগত ভাৱে বৃদ্ধি হৈ আহিছে পেট্ৰল-ডিজেলৰ মূল্য৷ বৃহস্পতিবাৰে আকৌ এবাৰ চৰকাৰৰ মূল্যবৃদ্ধিৰ নীতি স্পষ্ট কৰি চতুৰ্থবাৰৰ বাবে বৃদ্ধি কৰা হ’ল পেট্ৰল আৰু ডিজেলৰ দাম৷ যাৰ ফলত বৃদ্ধি কৰা হৈছে বাছ-ট্ৰেকাৰ আদিৰ ভাড়াও৷ তেনে পৰিস্থিতিত অসুবিধাৰ সন্মুখীন হৈছে দেশৰ নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকল৷
কিন্তু জনতাৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়া কেন্দ্ৰীয় মোডী চৰকাৰে চিন্তা কৰিবলৈ সক্ষম নহয় সাধাৰণ শ্ৰেণীৰ সুবিধা-অসুবিধাসমূহ৷ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰে সাধাৰণ শ্ৰেণীৰ বিলাই বিপত্তি কৰা চৰকাৰে এইবাৰ পেট্ৰলিয়াম সামগ্ৰীৰ ক্ষেত্ৰতো পুনৰ মূল্যবৃদ্ধিৰ দিশলৈ ঠেলি দিছে সাধাৰণ শ্ৰেণীক৷
বৃহস্পতিবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য বৃদ্ধি হৈ ৭৭.৪২ টকা হয়৷ আনহাতে, প্ৰতি লিটাৰ ডিজেলৰ দাম ৬৯.৭০ টকালৈ বৃদ্ধি পায়৷ এই বৃদ্ধি বিগত চাৰি দিনত চতুৰ্থবাৰৰ বাবে হয়৷ ইয়াৰ পূৰ্বে বুধবাৰে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৭৭.১৯ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৬৯.৪৭ টকালৈ বৃদ্ধি হৈছিল৷
দক্ষিণ এছিয়াৰ ভিতৰত ভাৰততে এতিয়া পেট্ৰল-ডিজেল দাম সৰ্বাধিক হোৱা পৰিলক্ষিত হৈছে৷ বিশ্বৰ বজাৰৰ দোহাই দি দাম বৃদ্ধি হোৱা বুলি তৈল সংস্থা সমূহে ক’ব বিচাৰে৷ ২০১৬ চনৰ পৰাই তেলৰ শুল্কও বৃদ্ধি কৰা হয়৷