গুৱাহাটীঃ অসম পেট্ৰলিয়াম মজদুৰৰ দাবী চৰকাৰে মানি নোলোৱাত পুনৰ ক্ষোভিত হৈ পৰিছে অসম পেট্ৰলিয়াল মজদুৰ ইউনিয়ন সংগঠনটো। দীৰ্ঘ দিন ধৰি কৰি অহা মজুৰি বৃদ্ধিৰ দাবী অাজি পৰ্য্যন্ত কাৰ্য্যকৰী নোহোৱাত ক্ষোভিত হৈ গেছ লোডিং আন লোডিংৰ কাম বন্ধ কৰাৰ হুংকাৰ দিয়ে সংগঠনটোৱে৷

২০১৬ চনৰ ২১ অাগষ্টতে পেট্ৰললিয়াম মজদুৰ ইউনিয়নে ভাৰতীয় তেল নিগম, হিন্দুস্থান পেট্ৰলিয়াম কৰ্পোৰেচন অাৰু ভাৰত পেট্ৰলিয়াম কৰ্পোৰেচনক নিম্নতম মজুৰি প্ৰদান, পি এফ ই এ অাই পাৰ্কিং অাস্থান নিৰ্মাণ কৰা আদি দাবী মানি নোলোৱাত চৰম পৰ্য্যায়ত উপনীত হোৱা বুলি আজি এক সংবাদমেল যোগে প্ৰকাশ কৰে অসম পেট্ৰলিয়াল মজদুৰ ইউনিয়ন।

গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল যোগে সংগঠনটোৰ নেতা মোনিন মহন্তই ২০১৬ চনৰ ১১ নবেম্বৰৰ পৰা পেট্ৰোলজাত সামগ্ৰী লোডিং অাৰু অানলোডিং বয়কত কৰাৰ সিদ্ধান্তৰ পিছত হোৱা অালোচনা অনুযায়ী চৰকাৰে দাবী কাৰ্য্যকৰী কৰাৰ কথা অাছিল যদিও কাৰ্যকৰী নোহোৱাত অসম পেট্ৰোলিয়াম মজদুৰ ইউনিয়নে চলিত বছৰৰ ২০ মাৰ্চত উত্তৰ পূৰ্বাঞ্চলত অনিৰ্দিষ্ট কালীন ধৰ্মঘট অাৰম্ভ কৰিছিল৷

অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে ১২ মাৰ্চত তেল কৰ্তৃপক্ষ, টেন্সপোৰ্টাৰ সন্থা অাৰু ইউনিয়নৰ মাজত হোৱা বৈঠক অনুযায়ী ১৫ এপ্ৰিলৰ ভিতৰত চৰকাৰৰ ঘোষিত নিম্নতম মজুৰি শ্ৰমিকৰ বেংকৰ একাউন্টত জমা তথা অন্য দাবী সমূহ কাৰ্য্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও ফুটুকাৰ ফেনত পৰিনত হোৱা বুলি সংবাদমেলত প্ৰকাশ কৰে।

চৰকাৰে দাবী নামানিলে গেছ অাৰু তেলৰ লোডিং বন্ধ কৰাৰ হুংকাৰ দিছে ইউনিয়নে। গুৱাহাটী প্ৰেছ ক্লাবত আজি অনুষ্ঠিত কৰা সংবাদমেলত ২৭ জুলাইৰ পৰা উত্তৰ পূৰ্বাঞ্চল ব্যাপী অনিৰ্দিষ্ট কাললৈ ধৰ্মঘট পালন কৰা হব বুলি ঘোষণা কৰে সংগঠনটোৱে৷এই ধৰ্মঘটৰ ফলত বিমান অাৰু ৰেলসেৱাতো কি হাহাকাৰ পৰিস্থিতি হব সেই কথাও স্পষ্ট কৰি দিয়ে ইউনিয়নে৷ অনাগত দিনত হ’বলগীয়া অনাকাংশিত অাৰু অভাৱনীয় পৰিস্থিতিৰ বাবে কেবল চৰকাৰ দায়ী হব বুলি হুংকাৰ দিয়ে ইউনিয়নয়ৰ সভাপতি মুনিন মহন্তই।