
তেজপুৰঃ ১৯০৯ জনত জন্মগ্ৰহণ কৰিছিল নটসূৰ্য ফণী শৰ্মাই৷ নাটকৰ জৰিয়তে জীৱনৰ পাতনি মেলা শৰ্মা চলচ্চিত্ৰ অভিনেতা, নাট্যকাৰ, পৰিচালক, মঞ্চ অভিনেতা হিচাপে বিখ্যাত আছিল৷ ১৯৩৫ চনত নিৰ্মাণ কৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ত অভিনয় কৰিছিল এই গৰাকী যশস্বী অভিনেতাই।
তেওঁ ১৯৪৮ চনত 'ছিৰাজ' আৰু ১৯৫৫ চনত 'পিয়লি ফুকন' বোলছবি পৰিচালনা কৰাৰ লগতে অভিনয় কৰি এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল।
কহিনুৰৰ অপেৰাৰ লগতে ১৯২৮ চনত তেওঁ বাণ ৰংগমঞ্চৰ ‘ৰাণা প্ৰতাপ’ নাটকত ‘আকবৰ’ৰ চৰিত্ৰত অভিনয় কৰিছিল৷
আজি ৰাজ্যজুৰি নটসূৰ্য ফণী শৰ্মাৰ ৪৭ সংখ্যক স্মৃতি দিৱস পালন কৰা হয়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত শোণিতপুৰ প্ৰশাসনৰ সহযোগত এই দিৱস পালন কৰে।
তেজপুৰত ৰাজ্য চৰকাৰে আজি নটসূৰ্য ফণী শৰ্মা বঁটাও প্ৰদান কৰে। তেজপুৰৰ নেহৰু ময়দানত অনুষ্ঠিত অনুষ্ঠানটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি নটসূৰ্য ফণী শৰ্মা বঁটা বিশিষ্ট অভিনেতা প্ৰসন্ন কুমাৰ গোস্বামী আৰু হীৰামন গোস্বামীক প্ৰদান কৰে৷
মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ শিল্পীসকলক সহায় প্ৰদান কৰাৰ কথা ঘোষণা কৰে। শিল্পীসকলক চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য আগবঢ়োৱা হ’ব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷
আনহাতে অনুষ্ঠানলৈ আহি তেজপুৰত সাংবাদিকৰে মুখামুখি হৈ কংগ্ৰেছক কঠোৰ ভাষাৰে সমলোচনা কৰে৷ কংগ্ৰেছৰ নুন্যতম দায়ৱদ্ধতা থকা হ'লে অসমৰ বানাক্ৰান্তৰ ওচৰত থিয় দিলেহেতেন বুলি কৈ কংগ্ৰেছে কেৱল সমালোচনা কৰাত ব্যস্ত থাকে বুলি কয়।
বিৰোধীৰ ভূমিকা পালনত ব্যৰ্থ হোৱা কংগ্ৰেছে ১৫ বছৰ কাৰ্য্যকালৰ ঘৃণনীয় অধ্যায় ঢকাৰ চেষ্টাৰে অনাহকত বিজেপিক সমালোচনা কৰি আহিছে বুলি কয় সোণোৱালে। মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰাৰ বাবে কংগ্ৰেছে চেষ্টা কৰি আহিলেও বিজেপি চৰকাৰ ৰাইজৰ ওচৰত সদায় দায়ৱদ্ধ বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
অনুষ্ঠানত মন্ত্ৰী পল্লৱলোচন দাস, নৱ কুমাৰ দলেৰ লগতে বিধায়ক বৃন্দাবন গোস্বামী, অশোক সিংহল, গণেশ লিম্বু, সাংসদ ৰামপ্ৰসাদ শৰ্মা আৰু প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী উপস্থিত থাকে।