
newsnextone.com | চাবুৱাঃ অসমৰ বৰাক উপত্যকা, উজনি-নামনিৰ মানুহে এতিয়া চৰকাৰৰ কথা মনত পেলালেই ‘পৰিৱৰ্তন’ শব্দটো মনলৈ আহে৷ ৰাইজে বাৰে বাৰে মনত পেলাই ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ নেতা-কৰ্মী, পালিনেতাই পৰিৱৰ্তন শব্দৰেই নিৰ্বাচনত নামি পৰাৰ কথা৷ কথাই প্ৰতি পৰিৱৰ্তন কৰাৰ বাবে শ্ল’গান দিছিল৷ টিভিৰ টক-শ্ব, সভা-সমিতিত আছিল কেৱল পৰিৱৰ্তনৰ শ্ল’গান৷
ৰাইজে পৰিৱৰ্তনৰ স্বাৰ্থত ভোট দিলে বিজেপি দলক৷ কিন্তু যোৱা ২৫ মাহ ধৰি পৰিৱৰ্তন নোহোৱাৰ ফলতেই হয়তো শব্দটো লাহে লাহে আঁতৰি গ’ল বিজেপিৰ নেতাৰ মুখৰ পৰা৷ এতিয়া প্ৰশ্ন হৈছে পৰিৱৰ্তনৰ শ্ল’গান মতেই কাম কৰিবলৈ আগ্ৰহী নে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ খন৷ কিন্তু শেহতীয়াকৈ দেখা যায় যে চৰকাৰ খনৰ মন্ত্ৰী-বিধায়কে ৰাইজৰ কাম কৰাৰ পৰিৱৰ্তে অনাহক বিতৰ্কত সোমাই পৰিছে৷
নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি অসমলৈ বাংলাদেশী আনিবলৈ ওকালতি কৰি সময় পাৰ কৰিছে মন্ত্ৰী-বিধায়কে৷ গ্ৰাম্য এলেকাৰ ৰাস্তা-ঘাট, বিশুদ্ধ খোৱাপানী, বান-গৰাখহনীয়া, ৰাজহুৱা যোগান ব্যৱস্থা, কৃষকৰ সমস্যা সমাধান, শিক্ষা ব্যৱস্থাৰ উন্নয়ন আদিক লৈ গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ কিন্তু আজিও বৰ বৰ কথাৰে চমক সৃষ্টি কৰি আহিছে চৰকাৰৰ লোকসকলে৷
তাৰ মাজতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিৰ এটি পানী যোগান আঁচনিৰ নামত ৰাজকোষৰ তিনি কোটি টকা ধন নষ্ট কৰাৰ দৰে ঘটনা পোহৰলৈ আহিছে৷ ২০০৭ চনতেই ডিব্ৰুগড় জিলাৰ চাবুৱা নগৰত পানী যোগানৰ বাবে তদানীন্তন কংগ্ৰেছ চৰকাৰে ৩১৩.৪৬ লাখ টকা ব্যয়েৰে আৰম্ভ কৰিছিল এটি পানী যোগান আঁচনিৰ কাম৷ কিন্তু যোৱা ১১টা বছৰে আঁচনিৰ কাম আজিলৈ সম্পূৰ্ণ নহল৷ কাম আধাতে সামৰি অাসাম আৰবান ৱাটাৰ ছাপ্লাই এণ্ড চিওৰেজ ৱ'ৰ্ড নামৰ প্ৰতিষ্ঠানে চাবুৱাৰ পৰা যোৱা ১০ বছৰ পূৰ্বে পলায়ন কৰে৷
চাবুৱা নগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ নামত ব'ৰ্ডখনে কোটি টকা আত্মসাৎ কৰাৰো গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। বিভাগীয় কৰ্তৃপক্ষই সদৰি কৰা অনুসৰি বৃহৎ প্ৰকল্পৰ কাম সম্পাদন কৰাৰ বাবে প্ৰভাত দত্ত, জে কে পাণ্ডে, সুনীল ভৌমিক, ৰবিন গগৈ, মেছাৰ্ছ সুৰষ এণ্টাৰ প্ৰাইজ নামৰ ঠিকাদাৰ কেইজনে কামৰ ঠিকা লাভ কৰিছিল। উল্লেখ্য যে, ২০০৭ চনতে অসম নগৰ পানী যোগান আঁচনি আৰু নিস্কাসন ব’ৰ্ডে চাবুৱা নগৰ পানী যোগান আঁচনিৰ প্ৰকল্পৰ কাম আৰম্ভ কৰিছিল৷ কিন্তু বিগত ১১ বছৰ পিছতো আজিও নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠাত চাবুৱা নগৰবাসীয়ে বিভাগটোৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে৷
আঁচনিখন ৰূপায়ণৰ বাবে তিনি কোটি টকা আৱণ্টন দিছিল চৰকাৰে৷ সেই মতে সকলো সামগ্ৰী মজুত কৰিছিল আঁচনি নিৰ্মাণ হ’ব লগা ঠাইত৷ পাইপৰ লগতে আন আন সামগ্ৰী সমূহ যোৱা ১১ বছৰে ৰদ-বৰষুণ পৰি নষ্টি হ’ব ধৰিছে৷ হাবি-জংঘলৰ মাজত পাইপ সমূহ আজিও প্ৰকল্পস্থলীত দ'ম বান্ধি পৰি আছে। সেইবিলাকৰো তদাৰক কৰিবলৈ কোনো নাই৷ ফলত পানীৰ পাইপ সমূহ জহি-খহি যাব ধৰিছে৷ গৰু, ছাগলীৰ গচকত আৰু অন্য কাৰণত ভাঙি-ছিঙি যাব ধৰিছে সামগ্ৰী সমূহ। চৰকাৰী ধনেৰে ক্ৰয় কৰা এনে মূল্যৱান চিমেণ্টৰ পাইপসমূহ এনেদৰে অপচয় হোৱাত স্থানীয় ৰাইজে প্ৰকল্পটো নিৰ্মাণত বিয়াগোম কেলেংকাৰী সংঘটিত হোৱাৰ বুলি অভিযোগ উত্থাপন কৰিছে।
প্ৰকল্পটোৰ চৰকাৰী ধনৰ অপ ব্যৱহাৰ হোৱাৰ উপৰিও একাংশ ঠিকাদাৰ, বিভাগীয় কৰ্তৃপক্ষ আৰু একাংশ মধ্যভোগী দালালে সৰহ সংখ্যক ধন আত্মসাৎ কৰিছে বুলি কয় ৰাইজে। সমগ্ৰ চাবুৱা নগৰবাসীক প্ৰৱঞ্চনা কৰা কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ আজিও কমা নাই৷ সমগ্ৰ প্ৰকল্পটোৰ কাম আধাতে সামৰি এজন মাত্ৰ চকিদাৰৰ হাতত চোৱা চিতাৰ দায়িত্ব দি ঠিকাদাৰে ধন ঘটি চাবুৱাৰ পৰা পলায়ণ কৰা বুলি কব খোজে ৰাইজে।
পৰিৱৰ্তন আৰু দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান চাবুৱাত কংগ্ৰেছ চৰকাৰৰ দিনতেই কোটিটকীয়া বিয়াগোম কেলেংকাৰীৰ সংঘটিত হোৱাৰ পিছতো স্থানীয় বিধায়ক বিনোদ হাজৰিকা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চকুমুদি থকা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে৷ মুখ্যমন্ত্ৰী তথা স্থানীয় বিজেপিৰ বিধায়ক বিনোদ হাজৰিকাই পানী যোগান আঁচনিটোত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰিব নোৱোৰাটো লজ্জাৰ বিষয় বুলি কয় ৰাইজে৷
আনহাতে, মুখ্যমন্ত্ৰী তথা স্থানীয় বিজেপিৰ বিধায়ক বিনোদ হাজৰিকাক পুনৰ আঁচনিটো নিৰ্মাণ কৰি ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ ব্যৱস্থা কৰিবলৈ ৰাইজে দাবী জনায়৷ চাবুৱাৰ ৰাইজে মুখ্যমন্ত্ৰীৰ লগতে স্থানীয় বিধায়ক বিনোদ হাজৰিকাক সোনকালে বৃহৎ পানীযোগান আঁচনিৰ কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ দাবী জনায়৷