27
Oct
2017

নলবাৰীঃ শুকুৰবাৰে নলবাৰীৰ স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মাই নলবাৰী নাৰ্ছিং হোষ্টেলৰ ছাত্ৰী নিবাসৰ পানী যোগান আঁচনিৰ উদ্বোধন কৰে।
নলবাৰী জিলা যুটীয়া স্বাস্থ্য সঞ্চালক চিত্তৰঞ্জন পাঠক সহ কেইবাজনো বিষয়াৰ উপস্থিতিত আঁচনি খন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰি বিধায়ক শৰ্মাই নলবাৰী নাৰ্ছিং হোষ্টেলৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ল বুলি কয়। ৰাজ্য চৰকাৰে সকলো ক্ষেত্ৰতে উন্নয়ন-বিকাশ হোৱাটো বিচাৰিছে।
আমিও বিধায়ক হোৱাৰ পৰাই নলবাৰী সমষ্টিৰ উন্নয়নত মনোনিবেশ কৰিছো। আগন্তুক সময়ত ৰাইজে নলবাৰীৰ বিভিন্ন ধৰণৰ সুফল লাভ কৰিব বুলিও দোহাৰে বিধায়কগৰাকীয়ে। অনুষ্ঠানত নলবাৰী পৌৰসভাৰ সভানেত্ৰী বিপাশা দাস উপস্থিত থাকে৷