
ডিজিটেল ডেস্কঃ একেটাই তিমি। পাৰ্থক্য মাথো ৰঙৰ। এটা নীলা তিমি। এই নীলা তিমিয়ে এতিয়ালৈকে ৰাছিয়াত ১৩০ গৰাকী কিশোৰ-কিশোৰীৰ প্ৰাণ লোৱা বুলি দাবী কৰা হৈছে। ইতিমধ্যে ভাৰতৰ অন্যান্য প্ৰান্তৰ পিছত ছ’চিয়েল মিডিয়া আৰু সংবাদ মাধ্যমৰ কৃপাত অসমতো ত্ৰাসৰ সৃষ্টি কৰিছে নীলা তিমিয়ে। এই প্ৰাণঘাতী নীলা তিমিক বাধা দিবলৈকে ব্ৰাজিলৰ অনলাইন সাগৰৰ পৰা উঠি আহিছে এটা Pink Whale বা পিংক তিমি।
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
বহুতেই ধেমালিতে হ’লেও এবাৰ Blue Whale গেমনো কি চাবলৈ মন কৰা দেখা গৈছে। পিছে সৌভাগ্যৰ কথা এয়ে যে মোবাইল, কম্পিউটাৰত ডাউনলোড কৰি চাবলৈ বা খেলিবলৈ Blue Whale নামৰ কোনো গেম নাই। বাস্তৱত তেনে গেম থকা হ’লে হয়তো এতিয়ালৈকে হতাশগ্ৰস্ত লোকেৰে ভৰি থকা ভাৰতত হাজাৰ হাজাৰ লোকে আত্মহত্যা কৰিবলৈ লানি পাতিলেহেতেন।
CLICK ► Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!
Blue Whaleক লৈ বিশ্বৰ অধিকাংশ দেশ বিশেষকৈ ভাৰতত ব্যাপক চৰ্চা চলি থকাৰ মাজতে আগমন ঘটিছে Pink Whaleৰ। এই Pink Whale পিছে শান্ত সমাহিত। Blue Whaleৰ দৰেকৈ ই কিশোৰ-কিশোৰীক মৃত্যুৰ দিশে ঠেলি নিদিয়ে। বৰং Blue Whaleৰ চিকাৰ হোৱাৰ হোৱা কিশোৰ-কিশোৰী, যুৱক-যুৱতী আনকি প্ৰাপ্ত বয়স্ক লোককো Pink Whale-এ সেই ভয়াৱহ পথৰ পৰা আতৰাই আনি নতুন জীৱন দান কৰে।
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
Blue Whaleৰ সম্পূৰ্ণ বিপৰীত এই Pink Whale উদ্ভাৱন কৰিছিল ব্ৰাজিলৰ bananadev নামৰ এটা এপ ডেভলপাৰ প্ৰতিষ্ঠানে। Blue Whale মোবাইল, কম্পিউটাৰত ডাউনলোড কৰিব নোৱাৰি যদিও এই Pink Whale কিন্তু সকলোৱে প্লে ষ্টৰ বা এপল ষ্টৰৰ পৰা ডাউনলোড কৰি ল’ব পাৰে। বিশেষ এই গেম বিধে কিশোৰ-কিশোৰীসকলৰ মনত জগাই তোলে নতুন আশা, জীৱন প্ৰেম, ইতিবাচক চিন্তা, সপোন, সৃষ্টিশীলতা আৰু সম্ভাৱনা।
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
Blue Whaleত যিদৰে ৫০টা ষ্টেজ থকা বুলি দাবী কৰা হৈছে ঠিক তেনেদৰে, এই Pink Whaleত বাস্তৱিকতে আছে ৫০ টা ষ্টেজ। কিন্তু এই গেমত আপোনাক হাতত বেজী বা আলপিনেৰে তিমি আকিবলৈ নকয়। তাৰ পৰিৱৰ্তে মাৰ্কাৰ, ৰং পেন্সিলেৰে কোঠাৰ বেৰত নাইবা নোটবুকত নাইবা হাতত ইতিবাচক কথা লিখিবলৈ ক’ব। ভাল লগা ছবি আকিবলৈ ক’ব। এই গেমৰ আন চেলেঞ্জসমূহৰ ভিতৰত কেইটামান হৈছে ককা-আইতাৰ সৈতে কথা পতা, দাপোণৰ সমুখত থিয় হৈ মটিভেশ্যনেল ভাষণ দিয়া, নিজে ভালপোৱা গান জোৰকৈ চিঞৰি গোৱা, ভাল লগা কবিতা আবৃত্তি কৰা, ভাললগা চিনেমা চোৱা। আৰু ৫০নং তথা একেবাৰ অন্তিম ষ্টেজটোৰ নাম হৈছে ‘save a life’। এই ষ্টেজত আপোনাক নতুন এটা ভাল কাম হাতত ল’বলৈ কোৱা হয়।
CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!
এই খেলবিধৰ উদ্দেশ্য হৈছে জীৱনৰ প্ৰতি ভালপোৱা জগাই তোলা। এতিয়ালৈকে সমগ্ৰ বিশ্বতে ৫০ লাখ ব্যৱহাৰকাৰীয়ে এই জীৱনমুখী গেম ডাউনলোড কৰিছে। ফেচবুক আৰু ইনষ্টাগ্ৰামতো আছে ইয়াৰ যথেষ্টসংখ্যাক ফল’ৱাৰ।
CLICK ► Blue Whale গেম LIVE
Pink Whale গেমত দিনটোত কৰা প্ৰতিটো ভাল কামৰ কথা বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ কোৱা হয়। লগতে বন্ধুবৰ্গকো তেনে ভাল কামৰ বাবে উৎসাহিত কৰিবলৈ নিৰ্দেশ দিয়ে। Blue Whale গেমে চৌদিশে আতংক বিয়পাই দিয়াৰ বিপৰীতে Pink Whale গেমে কেৱল যে জীৱন ৰক্ষা কৰিবলৈকে চেষ্টা চলাই আহিছে তেনে নহয়, ইয়াৰ লগতে এই গেম বিধে দেশে দেশে নৱ-প্ৰজন্মক নিজকে ভাল পাবলৈ আৰু জীৱনৰ মূল্য উপলব্ধি কৰিবলৈ শিক্ষা দিয়া দেখা গৈছে।
CLICK ► Blue Whale গেম LIVE
এই Pink Whale গেম খেলিলে কোনো কিশোৰ-কিশোৰী তথা যুৱক-যুৱতীয়ে কস্মিনকালেও প্ৰাণঘাতী Blue Whale গেম খেলিবলৈ আগ্ৰহ প্ৰকাশ নকৰে বুলিও বিশেষজ্ঞসকলে মন্তব্য কৰা দেখা গৈছে। জানিব পৰা মতে, গেমটোৰ প্ৰতিটো ষ্টেজতে আছে যথেষ্ট বিকল্প নিৰ্দেশনা আৰু এই সকলো নিৰ্দেশনা যুগুতোৱা হৈছে মনস্তত্ববিদসকলৰ পৰামৰ্শমতে। গতিকে যিসকল পিতৃ-মাতৃয়ে নিজৰ সন্তানে Blue Whale গেম খেলিব বুলি ভয় খাই আছে তেওঁলোকে সন্তানক Pink Whale গেম খেলিবলৈ দি নিশ্চিন্ত হ’ব পাৰে।