
ৰঙিয়াঃ ৰঙিয়াৰ সুদক্ষ ফুটবল খেলুৱৈ তথা হিৰাকাটা হাইস্কুলৰ বিজ্ঞান বিভাগৰ সহঃ শিক্ষক ইদ্ৰীছ খণ্ডকাৰ( ৪৬)ৰ আজি সন্ধিয়া প্ৰায় ৬ বজাত ১ নং তিতকুৰী গাঁৱৰ নিজ গৃহত মৃত্যু ঘটে৷ দীৰ্ঘদিন ধৰি মধুমেহ আৰু যকৃত ৰোগত আক্ৰান্ত হৈ থকা খেলুৱৈ গৰাকীৰ মৃত্যুৰ খৱৰ পোৱা মাত্ৰকে অঞ্চলটোৰ অগণন গুণমুগ্ধই তেখেতৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে, প্ৰয়াত খণ্ডকাৰ ৰঙিয়া টাউন ক্লাৱ, ৰঙিয়া চানলাইক ক্লাৱ আদিৰ লগতে কেইবাটাও ক্লাৱৰ হৈ বিভিন্ন ফুটবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ উপৰিও ৰঙিয়া ক্ৰীড়া সন্থাৰ হৈ কেইবাখনো গুৰুত্বপূৰ্ণ ফুটবল টুৰ্নামেন্টত অংশগ্ৰহণ কৰি ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিছিল।
সুদক্ষ ফুটবলাৰগৰাকীৰ মৃত্যুত ৰঙিয়াৰ বিভিন্ন দল-সংগঠনৰ লগতে ৰঙিয়া জিলা ক্ৰীড়া সন্থা, উত্তৰ কাপৰূপ জিলা ক্ৰীড়া সন্থা, ৰঙিয়া টাউন ক্লাৱ, ৰঙিয়া চান লাইক ক্লাৱ আৰু হিৰাকাটা হাইস্কুলৰ শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে গভীৰ শোক প্ৰকাশ কৰে।