www.newsnextone.com| ডিফুঃ শাৰদীয় দূৰ্গা পূজাৰ প্ৰাক্ মূহূৰ্তত আজি কাৰবি আংলং জিলাৰ সদৰ ডিফুত শুভ মুক্তি লাভ কৰে জনপ্ৰিয় শিল্পীদ্বয় প্লুট'নন আৰু বৰ্ণালী কলিতাই কণ্ঠদান কৰা ৰোমাণ্টিক অডিঅ' এলবাম "মনৰ হেঁপাহ৷" 

"দুগালে দুধাৰি নিজৰা়'''''''' ,
চকুপানী সৰিপৰা'''''' কামনা, 
বাসনা'' সকলো মাথো বেদনা--৷"
"পুৱাতে দেখিলোঁ ঐ'--এযুৰি শালিকি-  চোতালতে পৰি দুয়ো--আছে মনৰ কথা ভাবি--৷" জীৱন যৌৱন, ---- তাৰ পিছত -----৷"

শীৰ্ষক শ্ৰাব্য এলবামটিত কণ্ঠদান কৰিছে প্লুট'নন, বৰ্ণালী কলিতাই, "জীৱন যৌৱন শীৰ্ষক গীতটিৰ কথা আৰু সুৰ বিদ্যুত ডেকাৰ বিপৰীতে বাকী তিনিটা গীতত প্লুট'নন আৰু বৰ্ণালী কলিতাই কণ্ঠদান কৰিছে৷ যোৱা ছেপ্তেম্বৰ মাহৰ ১২ তাৰিখে ডিব্ৰুগড় ষ্টুডিঅ ছাণ্টা অডিঅ' ত বাণীবদ্ধ সম্পন্ন কৰা শ্ৰাব্য এলবামটিৰ প্ৰযোজনা কৰিছে শিল্পী প্লুট'নৰ সহধৰ্মিনী ননী ডাফলাৰী, "পূজা পূজা" শীৰ্ষক গীতটোৰ প্ৰযোজনা কৰিছে অবনী হাজৰিকা আৰু বিদ্যুত ডেকাই৷ 

আজি ডিফুৰ জিএনএম ট্ৰেইনিং চেণ্টাৰত সুদূৰ ধেমাজীৰ শিলাপথাৰৰ পৰা পৰীক্ষাৰ বহী নিৰিক্ষক হিচাপে যোগদান দিবলৈ আহি কাৰবি পাহাৰৰ অপৰূপ সৌন্দৰ্য আৰু নৈসৰ্গিক পৰিৱেশৰ প্ৰতি শিল্পী প্লুট'নন আৰু প্ৰযোজক ভাৰ্যা শশী ডাফলাৰীয়ে মোহিত হৈ তেওলোকৰ গীতৰ শৰাই " মনৰ হেঁপাহ " পাহাৰৰ পৰাই অসমবাসীৰ সংগীত প্ৰেমী সকলৰ মাজত বিয়পি পৰাৰ মানসেৰেই ডিফুৰ ডিষ্ট্ৰিক্ট প্ৰেছ ক্লাৱৰ কাৰ্যালয়ত আজি পুৱা শুভ উন্মোচন কৰে৷

ৰোমাণ্টিক অডিঅ' এলবামটি ডিফুৰ জিএনএম ট্ৰেইনিং চেণ্টাৰৰ অধ্যক্ষা আইৰিছ টেৰণপীয়ে শুভ উন্মোচন কৰি দিয়া ভাষণত প্লুট'নন আৰু বৰ্ণালী কলিতাৰ কণ্ঠত নিগৰি অহা চাৰিটা গীতৰ শৰাইয়ে অতি শীঘ্ৰে সংগীত প্ৰেমী সকলৰ মাজত এক সুকীয়া স্থান গ্ৰহণ কৰিব বুলি কামনা কৰিছে৷ আনহাতে এলবামটিৰ " মনৰ হেঁপাহ"ক সকলোৱে আথে-বেথে আদৰি ল’ব বুলি প্ৰযোজক -শিল্পী পতি-পত্নীয়ে আশা ব্যক্ত কৰিছে৷ 

উল্লেখযোগ্য যে পতি-পত্নী প্লুট'নন আৰু ননী ডাফলাৰীয়ে আগন্তুক কাৰ্বি যুৱ মহোৎসৱত এটি ভিডিঅ এলবামৰ তেওঁলোকৰ যুটীয়া কণ্ঠত শুভ মুক্তি দিব বুলি সংবাদ মাধ্যমৰ দ্বাৰা জানিবলৈ দিছে৷