
ডিজিটেল ৰিপ'ৰ্টঃ অৱশেষত অসমলৈ দৰদ উপজিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। বিভিন্ন দল-সংগঠনৰ দাবী তথা বন্যাৰ্তৰ আৰ্তনাদ কাণত পৰাৰ পিছত বানত পৰি অষ্টলক্ষ্মীয়ে কেনদৰে ককবকাইছে সেয়া প্ৰত্যক্ষ কৰিবলৈ কেই ঘণ্টামানৰ বাবে আহি অসমত ভৰি থব প্ৰধানমন্ত্ৰী মোদীয়ে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সূত্ৰই সদৰী কৰা মতে, অহা ১ আগষ্টত মোদীয়ে অসমৰ বান বিধ্বস্ত অঞ্চসমূহ হেলিকপ্টাৰেৰে পৰিদৰ্শন কৰিব। বান বিধ্বস্ত অঞ্চল পৰিদৰ্শনৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে শীৰ্ষ বিষয়াসকলৰ সৈতেও বান পৰিস্থিতি সন্দৰ্ভত এক আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী।
উল্লেখ্য যে এতিয়ালৈ বানৰ ফলত ৰাজ্যখনত অৰ্ধশতাধিক লোকে প্ৰাণ হেৰুৱাৰ লগতে গৃহহীন হ’বলগীয়া হৈছে লক্ষাধিক লোক। তৎসত্বেও ৰাজ্য চৰকাৰে পৰ্যাপ্ত বান সাহায্য প্ৰদানত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। একেদৰে কেন্দ্ৰ চৰকাৰেও বিষয়টোত কোনো গুৰুত্ব আৰোপ নকৰাত ক্ষুব্ধ হৈ পৰে বানাক্ৰান্ত ৰাইজ তথা ৰাজ্যখনৰ বিভিন্ন দল-সংগঠন।
দুই সপ্তাহতকৈয়ো অধিক সময় ধৰি ৰাজ্যবাসী বানত ককবকাই থকাৰ পিছতো প্ৰধানমন্ত্ৰীগৰাকীয়ে কেৱল মুখ্যমন্ত্ৰীলৈ ফোন কৰিয়েই দায়িত্ব সামৰি থোৱা কাৰ্যক সহজভাৱে ল’ব পৰা নাছিল ৰাজ্যবাসীয়ে। ইয়াৰ মাজতে গুজৰাটত বান হোৱাৰ খবৰ শুনিয়েই ঢপলিয়াই গৈ দিনটো বানাক্ৰান্তৰ দুখ-দুৰ্দশাৰ বুজ লৈ ৫০০ কোটিৰ বান সাহায্য প্ৰদান কৰাৰ বাতৰি পাই টিঙৰি তুলা সদৃশ হৈ পৰে ৰাজ্যখনৰ বানাক্ৰান্ত ৰাইজ।
অসম বিজেপিৰ শীৰ্ষ নেতৃত্বৰ মুখেৰে ৰাজ্যখনত এনেদৰে ক্ষোভৰ উদ্গীৰণ হোৱাৰ খবৰ লাভ কৰিয়েই অৱশেষত নিজে আহি এবাৰ পৰিস্থিতি বুজ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
শেহতীয়াকৈ প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা বানত নিহতৰ পৰিয়াললৈ ২লাখ আৰু ক্ষতিগ্ৰস্তসকললৈ ৫০ হাজাৰকৈ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে। সেয়া হ'লেও গুজৰাটৰ দৰেকৈ অসমত ভৰি থৈ বানাক্ৰান্ত ৰাজ্যখনৰ নামত বিশেষ সাহায্য আগবঢ়াব বুলি আশাৰে বাট চাই ৰৈছে বান বিধ্বস্ত লোকসকলে।