newsnextone.com | গুৱাহাটীঃ দেওবাৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে অনুষ্ঠিত কৰা কেইবাটাও পদৰ পৰীক্ষাত ব্যাপক হাৰত প্ৰশ্নকাকত হোৱাটছএপ যোগে ফাদিল হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ 

জানিব পৰা মতে, সম্প্ৰসাৰণ বিষয়া, কনিষ্ঠ সহায়ক, গ্ৰাম সেৱক-সেৱিকা, কৰ সংগ্ৰাহক, পঞ্চায়ত সচিবকে ধৰি মুঠ ৯৪৫ টা পদৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেওবাৰে ১ বাজি ৩০ মিনিটক পৰা পৰীক্ষা অনুষ্ঠিত হৈছিল৷ অভিযোগ মতে পৰীক্ষা আৰম্ভ হোৱাৰ এঘণ্টা মান পিছৰে পৰা প্ৰশ্নকাকত হোৱাটছএপ যোগে পৰীক্ষা কেন্দ্ৰৰ বাহিৰ হ'বলৈ ধৰে। এইখিনিতে সচেতন যুৱচামে ছ'চিয়েল মিডিয়াযোগে স্বচ্ছ আৰু দক্ষ ব্যৱস্থাৰ কথা কৈ অহা আৰু যোগ্যজনক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি অহা অসম চৰকাৰৰ পৰীক্ষা ব্যৱস্থাৰ ওপৰত প্ৰশ্ন তুলিছে৷ তদুপৰি বিভাগটোৰ দক্ষতা আৰু বিশ্বাসযোগ্যতাক লৈও ব্যাপক চৰ্চা আৰম্ভ হৈছে৷

আনহাতে এগৰাকী যুৱতীয়ে জনোৱা মতে তেওঁ দিয়া পৰীক্ষা কেন্দ্ৰত খোদ শিক্ষকে প্ৰাৰ্থীক প্ৰশ্নৰ উত্তৰ কৈ দিছিল আৰু মোবাইলেৰে প্ৰশ্নৰ উত্তৰ যোগান ধৰা হৈছিল৷