কলিয়াবৰঃ স্পেচিয়েল টাক্স ফ'ৰ্চৰ অভিযানত জালত পৰিল কেইবাটাও গঁড় হত্যাত জড়িত নুৰ হুছেইন৷ নগাঁও আৰক্ষী আৰু টাক্স ফ'ৰ্চে নগাঁও জিলাৰ ৰূপহী থানাৰ অন্তৰ্গত জোৰাথলিৰ পৰা আটক কৰে চিকাৰীটোক৷

কলিয়াবৰৰ চিকনিস্থিত স্পেচিয়েল টাক্স ফ'ৰ্চ আৰু নগাঁও আৰক্ষীয়ে শুকুৰবাৰে নিশা যুটীয়াভাৱে অভিযান চলাই নুৰক আটক কৰে।

ধৃত নুৰে যোৱা ২২ জুনত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ গাছপাৰা শিবিৰ এলেকাত এটা গঁড় হত্যা কৰি খৰ্গ লৈ পলায়ন কৰিছিল বুলি জানিবলৈ দিয়ে টাক্স ফ'ৰ্চ আৰু নগাঁও আৰক্ষীয়ে৷

আটকাধীন নুৰ হুছেইনক অধিক তথ্যৰ বাবে টাক্স ফ'ৰ্চৰ চিকনিস্থিত মুখ্য কাৰ্যালয়ত জেৰা অব্যাহত ৰাখিছে।