21
Oct
2018

ডিজিটেল ডেক্স, বিহালীঃ অসম গৌৰৱ এশিঙীয়া গঁড়লৈ ভাবুকি আনিছে চোৰাং চিকাৰীয়ে৷ ইয়াৰ মাজতে বিশ্বনাথত বনকৰ্মীৰ অভিযান চলাই আজি আটক কৰে এটা চোৰাং চিকাৰী৷ বিশ্বনাথৰ পানী ভঁড়ালৰ সমীপৰ কুমলীয়া পথৰপৰা চইবুৰ ৰহমান নামৰ চোৰাং চিকাৰীটোক বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ বনকৰ্মীয়ে আটক কৰে৷ কুখ্যাত চোৰাং চিকাৰীটোৰ ঘৰ ভোজমাৰীত। উল্লেখ্য যে, ধৃত চোৰাং চিকাৰীটো কাজিৰঙাৰ কাৱৈমাৰী বনশিবিৰত সংঘটিত হোৱা গঁড় হত্যাৰ লগত জড়িত আছিল।