
নগাঁওঃ সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সমিতি আৰু নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু নগাঁৱৰ চানক্য কনিষ্ঠ মহাবিদ্যালয়ৰ সহযোগত অহা ২৯ অক্টোবৰত যুৱ কবিৰ কবিতা পাঠ আৰু পৰ্যলোচনা 'কাব্যচৰ্চা' শীৰ্ষক এক ব্যতিক্ৰমধৰ্মী অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷
চানক্য মহাবিদ্যালয়ৰ আলোচনাকক্ষত বিয়লি ১ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই অনুষ্ঠানত পৰ্যালোচক হিচাপে উপস্থিত থাকিব বিশিষ্ট লেখক, সমালোচক অৰিন্দম বৰকটকী ৷ নগাঁও জিলা কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত হ’ব।
অনুষ্ঠানত সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগামে আদৰণী ভাষণ আৰু নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক মদাৰজ্যোতিয়ে শলাগৰ শৰাই আগবঢ়োৱাৰ বিপৰীতে ৰশ্মিৰেখা দেৱী, ৰাজ শইকীয়া, খজাছিং টেৰণ, অজন্তা বৰা, লতামণি শৰ্মা, ভায়’লিনা শইকীয়া, ইন্দ্ৰনীল গায়ন, লক্ষ্যজ্যোতি বৰা, ৰূপম নাথ আৰু লক্ষ্যজিৎ বৰাই কবিতা পাঠ কৰিব ৷ গতিকে উক্ত ব্যতিক্ৰমী অনুষ্ঠানত কাব্যানুৰাগীৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে৷