মঙলদৈঃ দৰং জিলা প্ৰশাসনে আজি অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানকালত এটা অবৈধ কাঠফলা মিল জব্দ কৰে।

মঙলদৈৰ চহৰৰ সমীপৰ জলজলিৰ চপৰা অঞ্চলত অভিযান চলাই জিলা প্ৰশাসনে এটি কাঠফলা মিল সহ মূল্যৱান কাঠ জব্দ কৰে৷

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় কাৰ্য্যকৰী সভাপতি বিপুল মহন্ত, দৰং জিলাৰ উপায়ুক্ত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীৰ নেতৃত্বত যোৱা এটি দলে জব্দ কৰে কাঠফলা মিলটো।