
ডিফুঃ এজন এবি কনিষ্টবলক চৰিয়াই নিজ বিভাগৰে চিপাহীসকলৰ ৰোষৰ বলি হোৱা কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষকক লৈ সৃষ্টি হোৱা বিতৰ্ক আজি ডিফুস্থিত মধ্য সংমণ্ডলৰ ডিআইজি বি পি ৰাভাৰ হস্তক্ষেপত শান্ত হয়৷ উল্লেখযোগ্য যে কালি বিয়লি ২-৩০ বজাত ডিফু আৰক্ষী ছাউনি চৌহদত কামজাৰী কৰি থকা অৱস্থাত এবি উপ পৰিদৰ্শক পংকজ মহন্ত আৰু এবি কনিষ্টবল লালমুংগান লুছাইৰ কিবা কথাত কাজিয়াৰ সূত্ৰপাত হয়।
কাজিয়াই উগ্ৰ ৰূপ ধাৰণ কৰাত ঘটনাস্থলীত এছ পি ডঃ জিবি শিৱ প্ৰসাদ উপস্থিত হৈ এবি কনিষ্টবলজনক চৰিয়াই দিয়াৰ ফলত উপস্থিত অনান্য কনিষ্টবল সকলে ঘটনা প্ৰত্যক্ষ কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰে৷ ঘটনা ৰাষ্ট্ৰ হৈ পৰাৰ লগে লগে সন্ধিয়া শতাধিক চিপাহীয়ে আৰক্ষী অধীক্ষকগৰাকীৰ ৰাৰ্যালয় ঘেৰাও কৰি এছ পিৰ বদলিৰ দাবীত বিভিন্ন ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷
পৰিস্থিতি বিষম দেখি এছপি বাহিৰলৈ ওলাই আহি প্ৰতিবাদকাৰী চিপাহীৰ ওচৰত ক্ষমা বিচাৰে যদিও পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে৷ পিছত সাংবাদিকসকলৰ মধ্যস্থতাত প্ৰতিবাদকাৰী আৰু আৰক্ষী অধীক্ষকগৰাকীৰ সৈতে এক আলোচনা হয় যদিও বিফল হয়৷ পিছত প্ৰতিবাদকাৰী চিপাহীসকলে ডিফুস্থিত মধ্য মণ্ডলৰ ডি আইজিৰ বাংলাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷
নিশা ডিআইজি বি পি ৰাভাই প্ৰতিবাদকাৰীসকলক নানা বুজনি দি পঠায় যদিও আজি প্ৰতিবাদকাৰী চিপাহীসকলে ইউনিফৰ্ম পিন্ধি অসহযোগ আন্দোলন কৰি কৰ্ম বিৰতি পালন কৰে৷ আনহাতে পিএছ অ, গাড়ী চালকেও কৰ্তব্যত যোগদানৰ পৰা বিৰত থকাত এক প্ৰকাৰৰ অচলাৱস্থাৰ সৃষ্টি হয়৷ উল্লেখ্য যে বিতৰ্কৰ অন্য এক হোঁতা এছ বি উপ-পৰিদৰ্শক পংকজ মহন্ত কালি নিশাই ডিফু এৰি ঘৰলৈ গুছি যায়৷
ঘটনাৰ খবৰ পাই ডিআইজি বি পি ৰাভাই আৰক্ষী ছাউনীত উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰ সৈতে দুঘণ্টাজোৰা আলোচনাৰ অন্তত ঘটনা সন্দৰ্ভত উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে আৰক্ষী অধীক্ষকগৰাকীৰ সৈতে আলোচনা মৰ্মে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়াৰ পিছতে চিপাহীসকলে কৰ্তব্যত যোগদান কৰে৷
সাংবাদিকক সম্বোধন কৰি ডিআইজি বিপি ৰাভাই কয়, এইটো তেওলোকৰ ঘৰুৱা বিষয়, ই সমাধা হৈছে আৰু চিপাহী সকলেও কৰ্মত যোগদান কৰিছে ৷ আনহাতে আৰক্ষী অধীক্ষক ডঃ জিবি শিৱ প্ৰসাদ এগৰাকী কৰ্মঠ মানুহ, তেওৰ দৰে কণিষ্টবল সকলকো জ্ঞান কৰে ৷
পৰিয়ালত এনে ঘটনা হৈয়েই৷ আনহাতে কালিৰ ঘটনা সন্দৰ্ভত অনুসন্ধান কৰা হ' ব বুলি মন্তব্য কৰে ৷ ইফালে প্ৰতিবাদকাৰী সকলে আৰক্ষী অধীক্ষক গৰাকীৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগত গোচৰ তৰিব বুলি সাংবাদিকৰ আগত উল্লেখ কৰে ৷
আনহাতে ৰাইজৰ মতে আৰক্ষী অধীক্ষক গৰাকীয়ে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰ পৰা জিলা আৰক্ষী বিভাগত কঠোৰ নিয়মানুৱৰ্তিতা আৰু চিপাহী সকলৰ ওপৰত কেতবোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰণ কৰি অহাৰ বাবেই কালিৰ ঘটনাৰ পিছত সঞ্চিত হৈ থকা ক্ষোভৰ উদ্গীৰণ ঘটিয়েই এনে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷