
শিমলুগুৰিঃ সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, শিমলুগুৰি আঞ্চলিক সমিতিয়ে নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ যোগেদি অসমৰ স্বাস্থ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ অন্তৰ্গত শিমলুগুৰি নগৰৰ বৰক'লাত অৱস্থিত শিমলুগুৰি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটিয়ে হৈছে এই অঞ্চলৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰ।
এই কেন্দ্ৰটিক সাঙুৰি ২০ খনকৈ গাঁৱৰ মানুহ সাধাৰণ চিকিৎসাৰ কাৰণে স্বাস্থ্য কেন্দ্ৰটোলৈ আহে। কিন্তু অতি পৰিতাপৰ বিষয় যে এই স্বাস্থ্য কেন্দ্ৰটোত কোনো চিকিৎসক নোহোৱাৰ বাবে নূন্যতম চিকিৎসাৰ পৰাও অঞ্চলটোৰ ৰাইজ বঞ্চিত হ’বলগীয়া হৈছে। কেৱল মাত্ৰ এগৰাকী ফাৰ্মাচিষ্ট আৰু তিনিগৰাকী এ এন এম পৰিচাৰিকাই পৰিচালনা কৰা স্বাস্থ্য কেন্দ্ৰটোয়ে ঔষধ-পাটি যোগান ধৰাৰ ক্ষেত্ৰতো ব্যৰ্থ হৈছে।
ইয়াৰ লগতে দৰ্জা-খিৰিকী ভাঙি যোৱাৰ ফলত স্বাস্থ্য কেন্দ্ৰটিৰ ভিতৰত চোৰ সোমাই বহুতো প্ৰয়োজনীয় সামগ্ৰী ইতিমধ্যে চুৰি কৰি লৈ গৈছে। এই স্বাস্থ্য কেন্দ্ৰটোৰ কাষতে আৰু তিনিটা কৰ্মচাৰীৰ আৱাসগৃহ নিৰ্মাণ কৰা হৈছিল যদিও গৃহকেইটা অৰ্ধনিৰ্মিত অৱস্থাত বছৰ বছৰ ধৰি পৰি আছে। ইয়াৰ লগতে স্বাস্থ্য কেন্দ্ৰটিৰ নামত আৱণ্টিত ভূমিসমূহ বেদখল কৰাও পৰিলক্ষিত হৈছে।
স্বাস্থ্য কেন্দ্ৰটিৰ এই সমস্যাসমূহক লৈ বিভাগটোৱে এই ক্ষেত্ৰত যেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, তেনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদ, অসমৰ শিমলুগুৰি আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
লগতে অতি সোনকালে প্ৰযোজ্য হোৱাকৈ নিয়মীয়া চিকিৎসক প্ৰদান কৰি ঔষধ-পাটি যোগান ধৰাৰ লগতে কেন্দ্ৰটোৰ আন্তঃগাঁঠনি উন্নত কৰি গঢ়ি তুলিবৰ বাবে দাবী জনাইছে। অন্যথা পৰিষদে বৃহত্তৰ ৰাইজৰ স্বাৰ্থত যিকোনো ধৰণৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি পৰিষদৰ স্মাৰক পত্ৰত উল্লেখ কৰে।