newsnextone.com | ডিব্ৰুগড়ঃ ৰেলৰ দবাত অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ হোৱা ৰাধা কুমাৰী অাৰু লালীমাই দেৱীৰ সদ্গতি কামনা আৰু হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীত আমছুৱে মম জ্বলন কৰে বৃহস্পতিবাৰে৷

হত্যাকাণ্ডৰ বিৰুদ্ধে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈ থকাৰ সময়তে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ দেবীতোলাত সদৌ অসম সংখ্যালঘু ছাত্র সন্থাই ৰাধা কুমাৰী আৰু লালীমাই দেৱীৰ আত্মাৰ সদ্গতি কামনা আৰু হত্যাকাৰীক উচিত শাস্তি প্ৰদানৰ দাবীত মম প্ৰজ্বলন কৰে৷

সদৌ অসম সংখ্যালঘু ছাত্র সন্থাৰ পৰ্বতঝোৰা জিলা সমিতিয়ে ৰাধা কুমাৰী অাৰু লালীমাই দেৱীৰ হত্যাকাৰীক সোনকালে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনোৱাৰ লগতে ৰাধা অাৰু লালীমাইৰ অাত্মাৰ সদ্গতি কামনা কৰি বন্তি প্ৰজ্বলন কৰে গভীৰ শোক প্ৰকাশ কৰে৷ 

উল্লেখ্য যে, ১০ জুলাইত চলন্ত ৰে’লগাড়ীৰ টয়লেটৰ ভিতৰত শিৱসাগৰ জিলাৰ মেধাৱী ছাত্ৰী ৰাধা কুমাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰনৌযাওঁতেই ১১ জুলাইত মৰিয়নী জংচনত তথা এদিন পিছতেই পুনৰ আন এগৰাকী মহিলা লালীমাই দেৱীৰ মৃতদেহ উদ্ধাৰ হৈছিল৷

প্ৰায় ৩০ ঘণ্টাৰ ভিতৰত উজনি অসমত দুখনকৈ যাত্ৰীবাহী ৰেলৰ টয়লেটত দুগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ পিছতে অসমৰ মহিলাৰ সুৰক্ষাক লৈ বৃহৎ প্ৰশ্ন উত্থাপন হোৱাত ৰেল প্ৰশাসন আৰু অসমৰ প্ৰশাসন সষ্টম হৈ পৰে৷