গুৱাহাটীঃ দেশৰ ১৪ টা ভাষাত বাতৰি পৰিৱেশন কৰা বাতৰি প্ৰতিষ্ঠানৰ প‘ৰ্টেল তথা এপ্লিকেচন এটাই ইয়াৰ বাঙালী ভাষাৰ নিউজ ছাইটটোৰ ‘পেজ‘ত ‘অসমে বাঙালি গণহত্যা’ (অসমত বাঙালীৰ গণহত্যা) শীৰ্ষক বাতৰিকে শিতান (category) কৰা কাৰ্যই সকলোকে আচৰিত কৰিছে৷

সংবাদ পৰিৱেশন কৰা ছাইটসমূহত সাধাৰণতে ‘শাৰ্ষ সংবাদ’, ‘দেশ’, ‘বিশ্ব’, ‘ক্ৰীড়া’, বিনোদন’ ইত্যাদি শিতান থাকে৷ কিন্তু এই ছাইটৰ বাঙালী ভাষাৰ লিংকটোত যোৱা ১ নৱেম্বৰত ধলাত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ বাতৰিটোকেই বাতৰিৰ শিতান হিচাপে দি আচলতে কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে সেয়া স্পষ্ট হোৱা নাই৷

প্ৰতিষ্ঠানটোৱে দাবী কৰা মতে ই ৮০০তকৈ অধিক বাতৰি পৰিৱেশন গোষ্ঠীৰ অংশিদাৰ আৰু প্ৰতি মাহে বিশ্বৰ ৯ কোটিতকৈ আধিক মানুহে এই ছাইট ব্যৱহাৰ কৰে৷

বাতৰি পৰিৱেশনকাৰী এনে প’ৰ্টেলসমূহৰ ‘পেজ’ৰ শীৰ্ষত থকা শিতানসমূহলৈ গ’লে তাত সেই নিৰ্দিষ্ট শিতানৰ বাতৰিহে পোৱা যায়৷ উদাহৰণ স্বৰূপে, ‘দেশ’ শিতানলৈ গ’লে একমাত্ৰ দেশৰ খবৰহে পোৱা যায়৷ একেদৰে ‘ক্ৰীড়া’ৰ শিতানত অকল খেলৰ বাতৰিহে পৰিৱেশন কৰা হয়৷

ইয়াৰ বিপৰীতে এই পৰ্টেলটোৰ ‘অসমে বাঙালি গণহত্যা’ শিতানলৈ গ’লে বেলেগ বেলেগ ৰাজনৈতিক বাতৰিহে পোৱা গৈছে৷ অৱশ্যে এই হত্যাকাণ্ডৰ প্ৰতিবাদত বাঙালী সংগঠনে কৰা প্ৰতিবাদৰ দুই-এটা বাতৰিও শিতানটোত আপলোড কৰা হৈছে৷ 

‘অসমে বাঙালি গণহত্যা’ শিতানটোত ‘তৃৰ্ণমূল নহয়, বিমুদ্ৰাকৰণৰ বিৰুদ্ধে সৰব কংগ্ৰেছ, ক’লে সোমেনে’, ‘মমতা বন্দোপাধ্যায়ক ৰাজি কৰিবলৈ দুবছৰ সময় লাগিল কেন্দ্ৰৰ’, ‘সুৰাৰ বিৰুদ্ধে সৰব! বিক্ষোভ মিছিল ৰঘুনাথগঞ্জত’ আদিৰ দৰে ধলা হত্যাকাণ্ডৰ লগত কোনো সম্পৰ্ক নথকা বাতৰি পৰিৱেশন কৰা দেখা গৈছে৷

গদগদ জাতিপ্ৰেমত পৰি এনেদৰে নিউজ প’ৰ্টেলৰ বাতৰিৰ শিৰোনামৰ সংজ্ঞাকে সলনি কৰি দিয়া কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে৷