
চামগুৰিঃ এটা জাতি সাংস্কৃতিক ভাবে আগবাঢ়ি যাবলৈ পাৰদৰ্শিতাৰ প্ৰয়োজন। এই ক্ষেত্ৰত পুৰণিগুদাম বাপুজী ভৱনে সু-চিন্তিত ভাবে বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰি শিকাৰুসকলক সহায় কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত এই ভৱনত প্ৰশিক্ষণ গ্ৰহণ কৰা শিকাৰুৱে বিভিন্ন ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে।
দেওবাৰে পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰালৰ প্ৰস্তাৱিত নতুন ভৱনৰ আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ইণ্ডোনেছিয়াৰ সংস্কৃতি ৰামায়নৰ সংস্কৃতি, ইণ্ডোনেছিয়াৰ লোকসকল ইছলাম ধৰ্মাৱলম্বী হ'লেও ৰামায়ণৰ সংস্কৃতিৰে ডাঙৰ- দীঘল হৈছে। ঠিক সেইদৰে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে সত্ৰীয়া সংস্কৃতিৰে ডাঙৰ দীঘল হৈছে। সম্ৰাট অশোকেও তেওঁৰ দিনত সংঘটিত হিংসাত্মক ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। ধৰ্মাচৰণৰ ক্ষেত্ৰত আচৰণ অমিল হ'লেই হিংসা বৃদ্ধি পায়। এনে ক্ষেত্ৰত ধৰ্মাচৰণক আধ্যাত্মিক স্তৰলৈ উন্নত কৰিব পাৰিলেই সংঘাত নাইকিয়া হব।
পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰালৰ সভাপতি পুলিন হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আধাৰশিলা অনুষ্ঠানৰ সভাত উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় আধ্যাত্মিকতাই সমাজৰ বিভেদ নাইকিয়া কৰিব পাৰে। ভাষণ প্ৰসংগত তেওঁ কয় ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ বাপুজী ভৱন আৰু পুথিভঁৰালে সাংস্কৃতিক বিপ্লৱৰ লগতে ক্ৰীড়া ক্ষেত্ৰতো বিশেষ ভূমিকা পালন কৰিব পাৰিছে।
পুৱা ভূমিপূজনেৰে আৰম্ভ হোৱা তিনি কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলৈ লোৱা প্ৰস্তাৱিত নতুন ভৱন এক মাঙ্গলিক পৰিবেশৰ মাজেৰে আধাৰশিলা স্থাপন কৰে প্ৰফুল্ল কুমাৰ মহন্তই। বাপুজী ভৱন আৰু পুথিভঁৰালৰ সাধাৰণ সম্পাদক দ্বীপেন বৈৰাগীয়ে আঁত ধৰা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, পুৰণিগুদাম ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূপেন শইকীয়া, বাপুজী ভৱনৰ প্ৰাক্তন সভাপতি ক্ৰমে শৰৎ খাউণ্ড, ফণীন্দ্ৰ নাথ গায়ন আৰু জেষ্ঠ সদস্য পূৰ্ণ চন্দ্ৰ গায়ন উপস্থিত থাকে।
সভাত বাপুজী ভৱন আৰু পুথিভঁৰালৰ দ্বাৰা পৰিচালিত সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কুলপ্ৰদীপ দাস আৰু ৰঞ্জন বৰাৰ পৰিচালনাৰে সমবেত সংগীত আৰু সত্ৰীয়া নৃত্য পৰিবেশন কৰাৰ লগতে কণ্ঠশিল্পী নীলোৎপল বৰাই গীত পৰিবেশন কৰে। উক্ত অনুষ্ঠানত যশস্বী কণ্ঠশিল্পী ৰঞ্জন বেজবৰুৱাই সংস্কৃত ভাষাত সুধাকণ্ঠৰ কালজয়ী গীত পৰিবেশন কৰি উপস্থিত ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে।