
কাজলগাঁওঃ চিৰাং জিলাৰ বাসুগাঁও চহৰৰ দুৰ্গা মণ্ডপত আজি চিৰাং জিলা প্ৰশাসনে ‘প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা‘ৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি ‘প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা‘ৰ জৰিয়তে দেশৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ লোকসকলক বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ বিতৰণৰ ব্যৱস্থা কৰা হৈছে।
চিৰাং জিলাত আজি এই যোজনাৰ শুভাৰম্ভ কৰে বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই ৷ মন্ত্ৰী গৰাকীয়ে নিৰ্বাচিত হিতাধীকাৰী সকলৰ মাজত আনুষ্ঠানিকভাবে ৰন্ধন গেছ সংযোগৰ প্ৰমাণপত্ৰ বিতৰণ কৰে। ভাষণত মন্ত্ৰী ব্ৰহ্মই কেন্দ্ৰীয চৰকাৰৰ এই আঁচনিৰ জৰিয়তে দুখীয়া লোক সকল উপকৃত হ‘ব বুলি কয়৷
অাজি কুৰি গৰাকী হিতাধিকাৰীৰ মাজত বিতৰণ কৰা হয় ৰন্ধন গেছৰ কাৰ্ড৷ উল্লেখযোগ্য যে সমগ্ৰ দেশজুৰি আধাৰ কাৰ্ডৰ জৰিয়তে এই আঁচনি ইতিমধ্যেই ৰূপায়ণৰ আৰম্ভ কৰা হৈছে যদিও অসমত এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত কিছু বিসংগতিৰ হোৱা দেখা যায়।
বিশেষকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে অসমৰ ৰাইজক আধাৰ কাৰ্ড প্ৰদান কৰিব পৰা নাই যাৰ বাবে অসমত ৰাজ্য চৰকাৰে ২০১১ চনৰ সামাজিক অৰ্থনৈতিক আৰু সাংস্কৃতিক পিয়লৰ ওপৰত ভিত্তি কৰি আৰু দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিচয় পত্ৰ থকা পৰিয়ালক চিহ্নিত কৰি প্ৰাথমিক অৱস্থাত হিতাধীকাৰী নিৰ্বাচিত কৰিছে।
এই আঁচনিৰ দ্বাৰা বৰ্ষ ২০১৯ লৈকে পৰ্য্যায়ক্ৰমে ৰন্ধন গেছ সংযোগ প্ৰদান কৰা হ‘ব। অনুষ্ঠানত চিৰাঙৰ উপায়ুক্ত বিনোদ কুমাৰ ডেকা, আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায় মেধি সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে৷