newsnextone.com | মোৰাঝাৰঃ হোজাই জিলাৰ মোৰাঝাৰস্থিত মোৰাঝাৰ গাইডেন্স জুনিয়ৰ কলেজৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে ‘গাইডেন্স ৱেয়েল ফেয়াৰ ট্ৰাষ্ট’ৰ দ্বাৰা পৰিচালিত গাইডেন্স প্ৰতিভা সন্ধানী পৰীক্ষা-২০১৮ৰ ফলাফল ঘোষণা কৰা হয়৷ 

এই প্ৰতিভা সন্ধানী পৰীক্ষাত প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰথম স্থান লাভ কৰে মাচুম আহমেদে৷ আনহাতে পৰীক্ষাৰ দ্বিতীয় আৰু তৃতীয় স্থাল লাভ কৰে ক্ৰমে আনজুমা বেগম আৰু  ৰাহুল দেয়ে৷

মঙলবাৰে গাইডেন্স ৱেয়েল ফেয়াৰ ট্ৰাষ্টে এখন সভা অনুষ্ঠিত কৰি পৰীক্ষাটোত বিজয়ীসকলক বঁটা প্ৰদান কৰে৷ ট্ৰাষ্টৰ সম্পাদক ছাদিকুজ জামানে আঁত ধৰা সভাত ট্ৰাষ্টৰ অন্যতম সদস্য তথা বিশিষ্ট শিক্ষক ইয়াহহিয়া আহমেদে এই বঁটা প্ৰদান কৰে৷ 

স্থান প্ৰাপ্তক মানপত্ৰ, ট্ৰফী আৰু গ্ৰন্থৰ টোপোলা আগবঢ়োয়া হয়৷ ইয়াহহিয়া আহমেদে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰি প্ৰতিযোগিতামূলক যুগত সফলতা অৰ্জন কৰিবলৈ কোনো সহজ পন্থা নাই বুলি কয়৷ যাৰ বাবে ছাত্ৰ-ছাত্ৰীক অধিক পৰিশ্ৰম কৰিবলৈ আহব্বান জনায়৷

উল্লেখ্য যে, ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশৰ প্ৰতি লক্ষ্য ৰাখি গাইডেন্স ৱেয়েল ফেয়াৰ ট্ৰাষ্টে তৃতীয় বাৰৰ বাবে প্ৰতিভা সন্ধানী অনুষ্ঠিত কৰে৷