newsnextone.com | কোকৰাঝাৰঃ কাৰ্বি আংলঙৰ ডকমকাত দুষ্কৃতিকাৰীয়ে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক অতি নিসংশভাৱে হত্যা কৰা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি গভীৰ শোক প্ৰকাশ কৰিছে ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰএমচিয়ে৷

বৃহস্পতিবাৰে সন্ধিয়া ৬-৩০ বজাত আৰএমচিয়ে কোকৰাঝাৰ চহৰৰ শিশু উদ্যানত নিহত দুই যুৱকৰ আত্মাৰ শান্তিৰ বাবে বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলী জনাই দুৰ্বৃত্তৰ কঠোৰ শাস্তিৰ দাবী জনায়৷ উল্লেখ্য যে আৰএমচিৰ কোকৰাঝাৰ জিলা যুৱ সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ছেলিম আলিয়ে অংশগ্ৰহণ কৰি ডকমকাৰ হত্যাকাণ্ডক অতি নিন্দনীয় আৰু সমাজৰ বাবে চৰম লজ্জাজনক ঘটনা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰি হত্যাকাৰীক কঠোৰ শাস্তি বিহাৰ দাবী জনায়৷ 

নেতাগৰাকীয়ে দুষ্কৃতিকাৰীৰ হাতত নিহত যুৱকদ্বয়ৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰি সকলো পক্ষকে ছ’চিয়েল মিডিয়া যোগে চলোৱা অপপ্ৰচাৰক ভোল নাযাবলৈ আহ্বান জনায়৷ আনহাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আৰএমচিৰ যুৱ গোটৰ সভাপতি ইব্ৰাহিম আলি ভূঞাই অংশগ্ৰহণ কৰি চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক সাধাৰণ জনতাৰ মাজত বিৰাজ কৰা শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ যাতে কোনোৱে বিঘ্নিত নকৰে তাৰ বাবে কঠোৰ পদক্ষেপ লবলৈ দাবী উত্থাপন কৰিছে৷