
তুলসীবাৰীঃ বানৰ কবলৰ পৰা সাময়িকভাৱে পৰিত্ৰাণ পালেও এইবাৰ পানীৰ সংকটত পৰিছে ৰাজ্যৰ কৃষক৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপৰ ৰঙিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত তুলসীবাৰী অঞ্চলত বিগত কেইবাদিন ধৰি বৃষ্টিপাত নোহোৱাত খৰাঙৰ গ্ৰাসত পৰিছে কৃষক৷
বৃহত্তৰ অঞ্চলটোৰ কেইবা শ বিঘা কৃষিভূমিত কৃষকসকলে হাড়ভগা পৰিশ্ৰমৰে ভূঁই ৰুবলৈ সাজু কৰিছিল যদিও সম্প্ৰতি কৃষিভূমিত চিৰালফাট মেলাত মূৰে-কপালে হাত দিছে কৃষকে৷
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ চমকপ্ৰদ সফলতাৰ যুগতো একমাত্ৰ বৰষুণৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা হৈছে কৃষকসকল৷ কিয়নো সম্প্ৰতিও ৰাজ্যৰ জলসিঞ্চন বিভাগৰ অভিলাষী আঁচনিয়ে ঢুকি পোৱা নাই এইসকল কৃষকক৷
যাৰ পৰিপ্ৰেক্ষিতত আজি পৰম্পৰাগত লোকবিশ্বাসৰ আধাৰত অঞ্চলটোৰ কৃষিজীৱি ৰাইজে ঐতিহ্যমণ্ডিত মাৰলী থানৰ গোপাল গোসাইৰ ওচৰত আঠু ল'বলৈ বাধ্য হৈ পৰে ৷ অঞ্চলটোৰ কৃষক ৰাইজৰ দুৰ্দিনৰ সময়ত কৃষি তথা জলসিঞ্চন বিভাগৰ বিষয়াসকলে খবৰ লবলৈ আহৰি নোপোৱা বুলি ক্ষোভিত হৈ পৰে সমজকৰ্মী তাৰিফুল ইছলাম৷
কেবাইগৰাকী সমাজকৰ্মীয়ে দুৰ্ভগীয়া কৃষকসকলৰ সৈতে মাৰলী গোপাল গোসাইৰ ওচৰত বৰষুণৰ বাবে প্ৰাৰ্থনা কৰিবলগীয়া হয়৷ পৰিৱৰ্তনৰ শ্ল’গানেৰে শাসনৰ গাদী দখল কৰা ৰাজ্য চৰকাৰৰ কৃষি তথা জলসিঞ্চন বিভাগৰ বিৰুদ্ধেও সৰৱ হৈ পৰে অঞ্চলটোৰ কৃষক ৰাইজ।