
বঢ়মপুৰঃ নগাঁও জিলাৰ চামগুৰিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়৷ সংযুক্ত সাংবাদিক সন্থা চামগুৰিৰ উদ্যোগত চামগুৰি গড়কাপ্তানি পৰিদৰ্শন ভৱনত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আৰম্ভণিতে পুৱা ১০ বজাত পতাকা উত্তোলন কৰে সংযুক্ত সাংবাদিক সন্থাৰ সভাপতি প্ৰদীপ বৰাই, বৃক্ষৰোপন কৰে বিশিষ্ট শিক্ষাবিদ বনমালি কলিতা আৰু ৰবিন কলিতাই৷ ১১ বজাত প্ৰদীপ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট সাংবাদিক-সাহিত্যিক ফণীন্দ্ৰ নাথ গায়ন বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷ সাহিত্যিক ফণীন্দ্ৰ নাথ গায়নে সাংবাদিকসকলে সেৱাৰ মনোভাৱেৰে কাম কৰিব লাগিব বুলি কয়৷
বাতৰিৰ ক্ষেত্ৰত প্ৰতিযোগিতা হোৱাটো ভাল কিন্ত প্ৰতিদ্বণ্ডিতা হোৱাটো বেয়া বুলি উল্লেখ কৰি গায়নে কয়, সাংবাদিকসকল সক্ৰিয় হ'ব লাগিব, সত্যৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিব পাৰিব লাগিব৷ সংযুক্ত সাংবাদিক সন্থাৰ সম্পাদক নীলৰঞ্জণ শৰ্মাই আঁত ধৰা সভাত গায়নে লগতে কয়, সাংবাদিকসকল ধৰ্মনিৰপেক্ষ হ'ব লাগিব আৰু ৰাজনৈতিকভাৱে নিৰপেক্ষ হ'ব লাগিব৷ সততা, নিষ্ঠা আৰু নিৰপেক্ষতাৰে সাংবাদিকসকলক সংবাদ পৰিৱেশন কৰিবলৈ আহ্বান জনায়৷ সভাত বিশিষ্ট শিক্ষাবিদ বনমালি কলিতা, ৰবীন্দ্ৰ নাথ কলিতা, শিক্ষা বিষয়া দুৰ্লভ পৱন বৰুৱাই ভাষন প্ৰদান কৰি অনাগত দিনত স্বচ্ছ, নিৰ্ভীক আৰু নিৰপেক্ষভাৱে বাতৰি পৰিৱেশন কৰি সমাজত এক শান্তিপূৰ্ণ, সুস্থিৰ বাতাৱৰন সৃষ্টি কৰাত সহায় কৰিবলৈ সাংবাদিকসকলক আহ্বান জনায়৷
উক্ত সভাত সংযুক্ত সাংবাদিক সন্থা, চামগুৰিৰ কাৰ্যালয় সম্পাদক দিগন্ত ভূঞাই ৰাজ্য চৰকাৰৰ জনসংযোগ বিভাগৰ পৰা মধ্যপ্ৰদেশলৈ ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ লাভ কৰাৰ বাবে ভূঞাক সম্বৰ্দ্ধনা জনোৱা হয়৷ সংযুক্ত সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি নৱজ্যোতি বৰা, উপ-সভাপতি কাবুল কলিতা, কোষাধ্যক্ষ বিদ্যুৎ জ্যোতি বৰা, সাংগঠনিক সম্পাদক দুলাল শৰ্মা, সাংস্কৃতিক সম্পাদক দিব্যজ্যোতি ভূঞা, সহকাৰী সম্পাদক ভাৰ্গৱ হাজৰিকা, কৃষ্ণ শইকীয়া, শ্যামেন্দ্ৰ বৈৰাগী, জিতুমণি শইকীয়া, অজয় পাটৰ হোকাই, নয়ন মণি বৰা, আছিৰুল হক প্ৰমুখ্যে কেইজনো সাংবাদিক উপস্থিত থকা সভাৰ অন্তত সংযুক্ত সাংবাদিক সন্থা, চামগুৰিৰ তৰফৰ পৰা চামগুৰি ষ্টেট বেংক, চামগুৰি ৰাজহ চক্ৰ কাৰ্যালয় আদিত গছপুলি বিতৰণ কৰা হয়৷ চামগুৰি ৰাজহ চক্ৰ বিষয়া সঞ্জীৱ দলৈয়ে সমুহ সাংবাদিকৰ সহযোগত চক্ৰ বিষযা কাৰ্যালয়ৰ চৌহদত বৃক্ষৰোপণ কৰে৷