
গুৱাহাটীঃ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি হ'ল ভিডিঅ' চিডি 'মন মোৰ'। প্ৰথমবাৰৰ বাবে 'মন মোৰ' চিডি খনৰ গীতেৰে অাত্মপ্ৰকাশ কৰা কণ্ঠশিল্পী ভূমিকা মেধিৰ কণ্ঠৰ গীতত অভিনয় কৰিছে বৰষাৰাণী বিষয়াই। 'মন মোৰ' চিডি খনৰ গীতৰ কথা, সুৰ অাৰু সংগীত বিজয় কাশ্যপৰ।
গাঁৱৰ এগৰাকী সাধাৰণ ছোৱালীৰ মনৰ অাৱেগ অনুভূতি অাকাংক্ষাৰ সুন্দৰ প্ৰতিছব্বি ফুটি উঠিছে 'মন মোৰ' গীতত। শনিবাৰে অনুষ্ঠিত 'মন মোৰ' ভিডিঅ' চিডিৰ উন্মোচনী অনুষ্ঠানত উপষ্ঠিত থাকে বিশিষ্ট শিল্পী কুল বৰুৱা, অভিনেত্ৰী বৰষাৰাণী বিষয়া, কন্ঠশিল্পী কুইন দাস প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি৷
আনহাতে শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত গুৱাহাটী অাৰ্টিষ্টছ গীল্ডে আয়োজন কৰা এক সংবাদমেলত অাৰ্টিষ্টছ গীল্ডৰ সাধাৰণ সম্পাদক কিশোৰ কুমাৰ দাসে জনায় যে ১৯৭৬ চনত গঠিত উত্তৰ পূব ভাৰতৰ প্ৰধান গুৱাহাটী অাৰ্টিষ্টছ গীল্ডৰ প্ৰতিষ্ঠাপক সদস্য তথা চিত্ৰকলা জগতৰ এগৰাকী পুৰোধা চিত্ৰশিল্পী অাশু দেৱৰ সোঁৱৰণীত অাশু দেৱ অাৰ্ট ফাউণ্ডেশ্বনৰ উদ্যোগত অাৰু গুৱাহাটী অাৰ্টিষ্টছ গীল্ডৰ সহযোগত প্ৰদান কৰা হব স্কলাৰশ্বিপ।
চলিত বছৰত ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমৰ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰিবলগীয়া এই স্কলাৰশ্বিপত থাকিব এককালীন ৫০,০০০ হাজাৰ টকা, প্ৰমাণপত্ৰ আৰু স্মাৰক চিহ্ন৷ চিত্ৰকলা ভাস্কৰ্য, ব্যৱহাৰিক চিত্ৰকলা, ছপা চিত্ৰ, নক্সা শিল্প, শিল্পকলা অাদি বিষয়ত স্বাতকোত্তৰ ডিগ্ৰীত অধ্যয়নৰ বাবে দিয়া হব এই স্কলাৰশ্বিপ। অনলাইন যোগে অাবেদন জনোৱা সকলো অাবেদনকাৰী সকলৰ মাজৰ পৰা উপযুক্ত জনেহে এই স্কলাৰশ্বিপ লাভ কৰিব।