বঙাইগাঁওঃ প্ৰদীপ ৰায় নেতৃত্বাধীন অাক্ৰাছুৱে কমতাপুৰ ৰাজ্যৰ পুনৰ গঠন আৰু অসমৰ কোচ ৰাজবংশী সকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত ১৪ ছেপ্তেম্বৰৰ পুৱা পাঁচ বজাৰ পৰা আহ্বান জনোৱা ১০০ ঘন্টীয়া   অৰ্থনৈতিক চকা বন্ধ অৱৰোধ কাৰ্যসূচী আজি দিনৰ ১ বজাৰ পৰা সাময়িকভাৱে প্ৰত্যাহাৰ কৰিছে৷

বৃহস্পতিবাৰে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী চলি থকাৰ সময়ত অসম চৰকাৰে আক্ৰাছুৰ স’তে আলোচনাত মিলিত হয়৷ গুৱাহাটী কাহিলীপাৰাত দুঘন্টা ধৰি হোৱা আলোচনাত ৰাজ্য চৰকাৰৰ প্ৰতিনিধি অতিৰিক্ত অাৰক্ষী সঞ্চালক প্ৰধান পল্লৱ ভট্ৰাচাৰ্যই ছেপ্তেম্বৰৰ ভিতৰত প্ৰধান মন্ত্ৰীৰ স’তে ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত কৰি দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱাত আক্ৰাছুৱে অৰ্থনৈতিক চকা বন্ধ সাময়িকভাৱে প্ৰত্যাহাৰ কৰে৷

আজি বঙাইগাঁৱৰ ভাকাৰিভিটাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত সংগঠনটোৰ সভাপতি প্ৰদীপ ৰায় আৰু সাধাৰণ সম্পাদক গোকুল বৰ্মণে এই কথা সদৰি কৰে৷

নেতাদ্বয়ে আগন্তুক শাৰদীয় পূজাৰ প্ৰতি লক্ষ্য ৰাখি এই অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰিলেও আক্ৰাছুৱে একেই দাবীত গণ সমাৱেশ, সভা-সমিতি অনুষ্ঠিত কৰি যাব বুলি জানিবলৈ দিয়ে৷