গুৱাহাটীঃ নতুন দিল্লীস্থিত ভাৰত চৰকাৰৰ মানৱ সম্পদ বিভাগৰ অধীনস্থ কেন্দ্ৰীয় বিদ্যালয় সংগঠনে আজি গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল আয়োজন কৰে৷ কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ গুৱাহাটী সংমণ্ডল উদ্যোক্তাসকলে অহা ৬ অক্টোবৰৰ পৰা গুৱাহাটী সংমণ্ডলৰ সৌজন্যত গুৱাহাটীত ৪৮তম্ কেন্দ্ৰীয় বিদ্যালয়ৰ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰিব৷ এই বিষয়ে আজি কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ গুৱাহাটী সংমণ্ডল উদ্যোক্তাসকলে সংবাদমেলখনত ঘোষণা কৰে।

৬ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাসমুহৰ ভিতৰত ১৪ বছৰৰ তলৰ প্ৰতিযোগীৰ বাবে সাতোঁৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷ ইয়াৰ উপৰিও ১৭ আৰু ১৯ বছৰৰ তলৰ শাখাত থাকিব অন্যান্য খেল ধেমালি। প্ৰতিযোগিতা সমূহ কেৱল ছাত্ৰৰ মাজতহে অনুষ্ঠিত হ’ব। ইতিমধ্যে ২০১৩ ত কেৱল ছাত্ৰী সকলৰ খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হৈ গৈছে বুলি উদ্যোক্তাসকলে সংবাদমেলত জনায়৷