কোকৰাঝাৰঃ এনআৰচিৰ খচৰা তালিকা প্ৰকাশ পোৱাৰ পিছত কোকৰাঝাৰৰ একাংশ জনতাই নিজৰ লগতে পৰিয়াল-আত্মীয় কুটুম্বৰ নাম খচৰা তালিকাত প্ৰকাশ নোপোৱাত হতাশ হোৱাত বৃহস্পতিবাৰে জিলা উপায়ুক্ত নিৰঞ্জন বৰুৱাই এক সংবাদমেলৰ আয়োজন কৰি এই ক্ষেত্ৰত ৰাইজক চিন্তা নকৰিবলৈ আহ্বান জনায়৷

এনআৰচিৰ খচৰা তালিকাত বহু সংখ্যক লোকৰ ঠিকনা সলনি হোৱা, বহু সংখ্যকৰ নাম ভুলকৈ প্ৰকাশ হোৱাৰ উপৰিও বহু লোকৰ নাম প্ৰকাশ নোপোৱাত অসন্তুষ্টিয়ে বিৰাজ কৰাৰ পিছত জিলা উপায়ুক্তৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি উপায়ুক্ত নিৰঞ্জন বৰুৱাই একাংশ নথি পত্ৰ পুনৰীক্ষণ কৰি থকা বাবেই কিছু সংখ্যকৰ নাম প্ৰকাশ নোপোৱা বুলি মত প্ৰকাশেৰে প্ৰকৃত ভাৰতীয় কাহানিও বাদ নপৰে বুলি মন্তব্য প্ৰকাশ কৰে।

খচৰা তালিকাত কোনোবা পৰিয়ালৰ পিতৃ-মাতৃৰ সলনি সন্তানৰ নাম অন্তৰ্ভূক্তিকৰণ বিপৰীতে কোনোবা পৰিয়ালৰ আকৌ ভাতৃ-ভগ্নীৰ নামহে অন্তৰ্ভূক্তি হোৱাত চিন্তাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰে উপায়ুক্তই কোকৰাঝাৰ জিলাৰ ৯৭টা এনআৰচিৰ সেৱা কেন্দ্ৰত সৰ্বমুঠ ২০৩৯০৬ খন প্ৰ-পত্ৰ পুৰণৰ যোগেদি  ৯২০০০০ জন ব্যাক্তিয়ে আৱেদন কৰিছিল বুলি কয়।

প্ৰথম খচৰা তালিকাত ইয়াৰে ৫৮৮১০৬ জনৰ নাম প্ৰকাশ হৈছে বুলি উল্লেখ কৰি কোকৰাঝাৰ ৰাজহ চক্ৰৰ পৰা ১৮০৭৩০জন, দোতমাৰ পৰা ৯৭৪৪২জন, গোসাইগাঁৱৰ ১৬৫৮৫০ জন, বগৰীবাৰীৰ ৭৩৫৭৭জন আৰু ভাওৰাগুৰীৰ পৰা ৭০৫০৭ গৰাকীৰ নাম প্ৰথম খচৰা তালিকাত নাম সনিবিষ্ট হৈছে আৰু পৰবৰ্তী পৰ্যায়ত আন প্ৰকৃত ভাৰতীয় নাগৰিকসকলৰ নামো প্ৰকাশিত হ’ব বুলি মত প্ৰকাশ কৰে উপায়ুক্তই।