
ঢেকীয়াজুলিঃ নিজ জনগোষ্ঠীৰ বাবে ছাত্ৰ নেতাই ভোকে-পিয়াহে অনাহাৰে পাৰ কৰিলে দুদিন৷ পথৰ দাতিত টানি লোৱা ত্ৰিপালৰ তলত ৪৮ ঘন্টা পাৰ কৰিলে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেইবাগৰাকী নেতাই৷
৬ জনগোষ্ঠীৰ সৈতে জনজাতিকৰণৰ দাবীত যোৱা কেবা বছৰ ধৰি আন্দোলন কৰি অহা সংগঠনটোৱে বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাত শ্বহীদ নগৰী ঢেকীয়াজুলিৰ মাজমজিয়াত আমৰণ অনশন আৰম্ভ কৰিছে৷
২০ জুলাইৰ পৰা আৰম্ভ কৰা আমৰণ অনশন কাৰ্যসূচীৰ দুদিন পাৰ হোৱাৰ পিছতো ৰাজ্য চৰকাৰৰ কোনো প্ৰতিনিধি উপস্থাত হোৱা নাই৷ সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ষ্টিফেন লাক্ৰাৰ লগতে কেইবাজনো প্ৰতিবাদকাৰীৰ শাৰীৰিক অৱস্থা সংকটজনক হৈ পৰিছে৷
আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ আৰু ছাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত সংগঠনটোৱে গণতান্ত্ৰিকভাবে কঠোৰ কাৰ্যসূচি ৰূপায়ণ কৰে৷ চৰকাৰে আলোচনা নকৰালৈকে শেষ নহ’ব এই সংগ্ৰাম বুলি ছাত্ৰ সংগঠনটোৰ নেতাই মন্তব্য কৰাৰ লগতে নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠী তথা আদিবাসী সকলৰ উন্নয়নৰ বাবে কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপি নেতৃত্বাধীন চৰকাৰে শাসনৰ ডেৰ বছৰ পাৰ হোৱাৰ পিছতো আমাক আভুৱাহে ভাৰিলে বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদকাৰীয়ে৷
শ্বহীদ নগৰী ঢেকীয়াজুলিৰ মাজমজিয়াৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ সংগঠনটোৱে জনগোষ্ঠীটোক ইমান দিনে চৰকাৰে কৰি অহা বঞ্চনাৰ বিৰুদ্ধে এই কাৰ্যসূচী ৰূপায়ণ কৰে৷ অনশনত অংশ লোৱা ছাত্ৰ নেতাসকলে "চবকা সাথ, চবকা বিকাশ"ৰ কথা কোৱা চৰকাৰখনৰ এগৰাকীও প্ৰতিনিধি অনশনস্থলীলৈ আহি খবৰ নোলোৱাটো পৰিতাপৰ কথা বুলি ক্ষোভ ব্যক্ত কৰে জনগোষ্ঠীটোৰ একাংশ লোকে৷
আনহাতে গণতান্ত্ৰিক আন্দোলনৰ ভাষা যদি চৰকাৰে বুজিবলৈ চেষ্টা নকৰে তেনেহ’লে বিকল্প পথ বাছি ল’বলৈ বাধ্য হ’ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে৷