30
Aug
2017

তেজপুৰ টাউনঃ চীন-ভাৰতৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ লাহে ললাহে শাম কাটিছে যদিও চীন দেশৰ বিৰুদ্ধে দেশৰ জনসাধৰণৰ ক্ষোভ কমা নাই৷ চীনা সামগ্ৰী বৰ্জন কৰা দাবীত ৰাজ পথলৈ ওলাই আহিল আৱাল, বৃদ্ধ বনিতা৷
স্বদেশী সামগ্ৰী গ্ৰহন কৰাৰ ধ্বনীৰে আজি উত্তাল হ'ল ৰঙাপৰা। চীনা সমগ্ৰীয়ে দেশৰ অৰ্থনীতিৰ বজাৰখন সম্পূৰ্নৰূপে গ্ৰাস কৰি অহাৰ অভিযোগ উত্থাপন কৰি শোনিতপুৰৰ ৰঙাপৰাত ৰেল মজদুৰ সংঘ আৰু স্বদেশী জাগৰন মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰে৷
চীনা সামগ্ৰী বৰ্জনৰ দাবীত জনসাধাৰনৰ মাজত সজাগতা বৃদ্ধিৰ মানসেৰে আজি দিনৰ ১১বজাত এক প্ৰতিবাদী সমদল উলিয়াই। সমদলত প্ৰায় তিনি শতাধিক লোকে অংশ গ্ৰহণ কৰে। সমদলৰ জৰিয়তে সংগঠন দুটাই ৰাইজক চীনা সামগ্ৰী বৰ্জন কৰি স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰিবৰ বাবে আহ্বান জনায়।