
চৰাইদেউঃ বানপানী নহয়, এজাক বৰষুণতে ডুবিল সোণাৰি পৌৰসভা৷ পৰিৱৰ্তনকামী চৰকাৰৰ উন্নয়নৰ ফোপোলা স্বৰূপ বহন কৰিছে সোণাৰি পৌৰসভাৰ অন্তৰ্গত ২ নং আৰু ৫নং ৱাৰ্ডৰ পথে৷
এজাক বৰষুণতে ঘৰ-চোতালত একাঠুলৈকে বুৰ যোৱা অঞ্চলটোত জীয়াতু ভুগিছে অঞ্চলবাসীয়ে ৷ স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষ আৰু সোণাৰি পৌৰসভাৰ পৌৰপতিক এই বিষয়ে অবগত কৰাৰ পাছতো গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল৷
যাৰ বাবে বৰষুণ দিলেই জীয়াতু ভুগিব লগা হয় স্থানীয় ৰাইজে৷ স্থানীয় ৰাইজে মৌখিক ভাৱে আৰু লিখিত ভাৱে সোণাৰি পৌৰনিগমকে ধৰি চৰাইদেউ জিলা প্ৰশাসন আৰু পৰিবৰ্তনকামী চৰকাৰৰ সোণাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈকো বহুবাৰ আবেদন নিবেদন কৰিছিল। কিন্তু আক্ষেপৰ বিষয় যে আজিকোপতি কোনো স্থায়ী সমাধানৰ ব্যৱস্থা কৰা পৰিলক্ষিত নহ’ল।
সেয়েহে স্থানীয় ৰাইজে ৫ নং ৱাৰ্ডৰ পথটি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীয়ে সোণাৰি পৌৰসভা মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায় আদিৰে বিভিন্ন শ্ল'গান দিয়ে। জিলা প্ৰশাসনৰ বিষয়া আৰু সোণাৰি পৌৰসভাৰ পৌৰপতিকে ধৰি বিষয়াসকল প্ৰতিবাদস্থলীত উপস্থিত হয় প্ৰতিবাদকাৰীৰ কাষ চাপে আৰু চুবুৰীয়া ঘৰসমূহত গৈ পৰিদৰ্শন কৰি সমস্যাৰ বুজ লয়।
শেষ পৰ্যায়ত ৫নং ৱাৰ্ডৰ সদস্য কবিৰ আহমেদ প্ৰতিবাদস্থলীত উপস্থিত হয়। উপস্থিত হোৱা পৌৰসভাৰ পৌৰপতি আৰু কবিৰ আহমেদক ঘেৰাও কৰি প্ৰতিবাদকাৰীয়ে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰি আকাশ বতাহ উত্তাল কৰি তুলে।
প্ৰতিবাদকাৰীয়ে উক্ত সমস্যা অতি শীঘ্ৰে সমাধান নকৰিলে স্থানীয় ৰাইজে এই পথটি অনিৰ্দিষ্টকালীনৰ বাবে বন্ধ কৰিবলৈ বাধ্য হ'ব বুলি জিলা প্ৰশাসন আৰু পৌৰসভাৰ কৰ্মকৰ্তাক সকিয়াই দি এখন ৰাজহুৱা স্বাক্ষৰিত স্মাৰক-পত্ৰ চৰাইদেউ জিলা উপায়ুক্তক প্ৰদান কৰে।