
অভয়াপুৰীঃ ৰাজ্যত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আজিও অব্যাহত আছে প্ৰতিবাদ৷ বিভাগটোৰ গাফিলতিৰ বাবে নিতৌ ৰাজ্যৰ কোনোবা নহয় কোনোবা ঠাইত মানুহ্ প্ৰাণ বিসৰ্জন দিব লগা হৈছে৷ বিভাগটোৰ বিৰুদ্ধে আজি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদে ৷
বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এগৰাকী লোকৰ মৃত্যু হোৱা বুলি অভিোগ উত্থাপন কৰে সংগঠনটোৰ বঙাইগাঁও জিলা সমিতিয়ে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ বুধবাৰে বিয়লি বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত বেলতলী গাঁৱৰ আবু তালেব নামৰ যুৱকজনে বিলত মাছ ধৰিব যাওঁতে ওলমি থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বিদ্যুৎস্পৃষ্ঠ হৈ শোকাৱহ মৃত্যুক আকোঁৱালি লয়৷
যুকজনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে। অভয়াপুৰী বিদ্যুত উপ-সংমণ্ডলৰ অধিনৰ এলেকাটোত চল্লিছ বছৰৰ পুৰণি বিদ্যুত পৰিবাহী তাঁৰ আৰু বিদ্যুতিক সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে মাটিৰ পৰা হাত মেলি চুব পৰা অৱস্থাত থকা বিদ্যুৎ পৰিবাহী তাৰ সমূহৰ ব্যৱস্থা নোলোৱাৰ বাবে যুৱকজনৰ মৃত্যু হোৱা বুলি অভিযোগ কৰি গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে অভিযোগ কৰে৷