
লংকাঃ হোজাই জিলাৰ লংকা আৰক্ষী চকীৰ অন্তৰ্গত লংকা ১ নং ৰেল গেটৰ সমীপত লংকা-লামডিং পথত শনিবাৰে দুপৰীয়া পথ অৱৰোধক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
লংকা ৰেল ষ্টেচনৰ পৰা ফ্লাই এছ ক্লিংকাৰ কঢ়িয়াই ডালমিয়া চিমেন্ট উৎপাদন কেন্দ্ৰলৈ নি থকা অৱস্থাত ১৫ খনৰো অধিক ট্ৰাক তথা অন্যান্য সৰু-বৰ বাহন স্থানীয় ৰাইজে আবদ্ধ কৰি ৰখাক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ।
স্থানীয় ৰাইজৰ অভিযোগ কৰা মতে, ডালমিয়া চিমেন্ট উৎপাদন কেন্দ্ৰলৈ সামগ্ৰী কঢ়িয়াই নিয়া এই ট্ৰাকসমূহে পথৰ ক্ষতি কৰাৰ উপৰিও বহুতো দুৰ্ঘটনা সংঘটিত কৰি আহিছে। ট্ৰাক চালকৰ দৌৰাত্ম্যৰ ফলত সাধাৰণ পথচাৰীয়ে পথটোৰে চাইকেল চলাই বা খোজকাঢ়ি যোৱাতো বিপজ্জনক হৈ পৰা বুলিও ৰাইজে অভিযোগ কৰে।
ইফালে, ঢাকনিবিহীন ভাৱে কঢ়িয়াই অনা ফ্লাই এছ ক্লিংকাৰ বতাহত উৰাৰ ফলত ধূলিময় হৈ পৰিছে সমগ্ৰ অঞ্চলটোৰ বাট-পথ। এই ধূলিৰ ফলত বহু লোক শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হোৱাৰ উপৰিও ছালৰ ৰোগত আক্ৰান্ত হোৱা বুলিও অঞ্চলবাসীয়ে জানিবলৈ দিছে।
এই বিষয়ে লংকাৰ স্থানীয় ৰাইজে উদ্যোগ কৰ্তৃপক্ষক বাৰম্বাৰ অভিযোগ দি আহিছিল যদিও ট্ৰাকৰ দৌৰাত্ম্য ৰোধৰ ক্ষেত্ৰত কোনো ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি পথ অৱৰোধেৰে ডালমিয়াৰ বিৰুদ্ধে ক্ষোভ উজাৰে। পিছত অৱৰোধস্থলীত লংকা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰলৈ আনে যদিও এই সমস্যাৰ স্থায়ী সমাধান নোহোৱালৈকে এনেদৰে পথ অৱৰোধ কৰি যাব বুলি আৰক্ষীৰ আগতো স্পষ্ট কৰি দিয়ে অঞ্চলবাসীয়ে।