
মোৰাঝাৰঃ সংস্থাপন অবিহনে উচ্ছেদ কাৰ্য বন্ধ ৰখা আৰু খাজনা বৃদ্ধি প্ৰত্যাহাৰৰ দাবীত নিখিল ভাৰত কৃষক সভাৰ হোজাই জিলা সমিতিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। বুধবাৰে দিনৰ ১২ বজাত কেবা শতাধিক কৰ্মী সমৰ্থকে হাতে হাতে ৰক্ত পতাকা, প্লে-কাৰ্ড লৈ জোৰাপুখুৰীৰ পৰা সমদল উলিয়ায়।
সমদলকাৰী সকলে চাৰিলেন ৰাষ্ট্ৰীয় ঘাই পথেৰে কৃষক-শ্ৰমিক বিৰোধী কেন্দ্ৰীয় চৰকাৰ মুৰ্দাবাদ, নৰেন্দ্ৰ মোদী হায় হায়, সংস্থাপন অবিহনে উচ্ছেদ কাৰ্য বন্ধ ৰাখক, খাজনা বৃদ্ধি প্ৰত্যাহাৰ কৰক, ভূমিহীনক মাটিৰ পট্টা প্ৰদান কৰক, ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।
কৃষক সভাৰ সমদল কাৰী সকলে শংকৰদেৱ নগৰস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত প্ৰায় দুঘন্টা সময় ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰাৰ সময়ছোৱাত কৃষক নেতা বিপুল সেন, হজৰত আলী, যজ্ঞেশ্বৰ দাসে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰৰ জনবিৰোধী নীতিক সমালোচনা কৰি বক্তব্য ৰাখে।
ধৰ্ণা কাৰ্যসূচীৰ অন্তত সংস্থাপন অবিহনে উচ্ছেদ কাৰ্য বন্ধ ৰখা, খাজনা বৃদ্ধি প্ৰত্যাহাৰ কৰা, ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰা, কৃষকৰ উৎপাদিত ফচলৰ উচিত মূল্য প্ৰদান কৰা, কৃষি ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা, পঞ্চায়তৰ দূৰ্নীতি ৰোধ কৰা আৰু এনৰেগা শ্ৰমিকৰ মজুৰি তিনিশ টকালৈ বৃদ্ধি কৰা, ভুমিহীনক মাটিৰ পট্টা প্ৰদান কৰা আদি সাত দফীয়া দাবী সম্ভলিত স্মাৰক পত্ৰ জিলা উপায়ুক্ত ডাঃ লক্ষ্মণনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰি ধৰ্ণাৰ অন্ত পেলায়।