ৰঙিয়াঃ নিশাৰ ভিতৰতে কাৰ্যালয় উঠাই নিয়াৰ পৰিকল্পনা কৰা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে ৰঙিয়াবাসী৷ ঐতিহাসিক ৰঙিয়া চহৰৰ পৰা ৰাজ্য চৰকাৰৰ বন বিভাগে গোপনে লৈছে এটি কাৰ্যালয় স্থানান্তৰিতকৰণৰ সিদ্ধান্ত৷

এই সিদ্ধান্তৰ পিছতে জাঙুৰ খাই উঠিছে ৰঙিয়াবাসী৷ কাৰ্যালয় উঠাই নিয়াটো দূৰৈৰ কথা এই কথাটো ভবাটোৱেই ভুল বুলি শকীয়াই দি আজি প্ৰতিবাদত নামিল ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থা৷ ৰাজ্য চৰকাৰ বন বিভাগে ৰঙিয়া খণ্ড বন বিষয়াৰ কাৰ্যালয়টো অন্য ঠাইলৈ নিব খোজাত আজ প্ৰতিবাদ সাব্যস্ত কৰে।

ৰঙিয়া বিজুলী নগৰস্থিত উত্তৰ কামৰূপ বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে বন বিভাগৰ কাৰ্যালয় স্থানান্তৰিত কৰিবলৈ নিদিয়াৰ হুংকাৰ দিয়ে। দিনৰ ১১.৩০ বজাৰ পৰা কেইবাশতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে ৰঙিয়াৰ পৰা বন বিভাগৰ কাৰ্য্যালয়টো চিলালৈ স্থানান্তৰ কৰিব বিচৰা বিষয়টোৰ তীব্ৰ বিৰোধিতা কৰে।

প্ৰতিবাদকাৰীসকলে বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিৰুদ্ধে বিভিন্ন ধৰণে শ্ল’গান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। আছুৰ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জিতু ডেকা আৰু সম্পাদক নিউটন কলিতাই ৰঙিয়াৰ আন্তঃগাঠনিৰ প্ৰতি ভাবুকি আনি বনমন্ত্ৰী গৰাকীয়ে ৰঙিয়াৰ পৰা বন বিভাগৰ কাৰ্যালয়টো স্থানান্তৰিত কৰিব বিছাৰিছে বুলি কয়।

আছুই কোনো কাৰণতে কাৰ্যালয় উঠাই নিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দি বন মন্ত্ৰীয়ে দালালক সন্মান কৰাটো বাদ দি মন্ত্ৰীৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায় ৷ কাৰ্য্যালয় স্থানান্তৰিত কৰিব খোজা নিৰ্দেশ প্ৰত্যাহাৰ কৰাৰ বাবেও দাবী জনাই আছু নেতা দুগৰাকীয়ে জংগী আন্দোলনৰ ভাবুকি দিয়ে৷

জানিব পৰা মতে, সোঁৱে-বাঁওৱে থকা দুজন  ব্যক্তিৰ শ্রুতলিপিত মন্ত্ৰী ৰাকীয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ উত্তৰ কামৰূপ বন সংমণ্ডলৰ অধীনৰ ৰঙিয়া খণ্ড বন বিষয়াৰ কাৰ্যালয়টো ৰঙিয়াৰ পৰা দৰং আৰু কামৰূপ জিলাৰ সীমান্তৱৰ্তী এলেকা চিলা ৰেঞ্জলৈ নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বিভাগীয় মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই সংকেত দিয়াৰ পিছতে চিলাত কাৰ্যালয় নিৰ্মাণ কৰি থকা বুলিও জানিব পৰা গৈছে৷ যাৰ ফলত আছুই ক্ষুদ্ধ হৈ আজি প্ৰতিবাদ সাব্যস্ত কৰে৷ আছুই ৰঙিয়াৰ মহকুমাধিপতিৰ জৰিয়তে ৰাজ্যৰ বন বিভাগৰ পি চি চি এফক স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে।

প্ৰতিবাদী কাৰ্যসূচীত আছুৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, আছুৰ কামৰূপ জিলা সমিতিৰ সভাপতি ধিৰাজ ৰাজবংশী, সাংস্কৃতিক সম্পাদক দ্বীপ দৰ্শন ভৰদ্বাজ, ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক হেমন্ত দাস উপস্থিত থাকে।

আনহাতে বিষয়টো সন্দৰ্ভত ৰঙিয়াৰ কেইবাটাও সংগঠনে অৱগত হোৱাৰ লগে লগে তীব্ৰ প্ৰতিক্রিয়া প্ৰকাশ কৰি মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্য্যসূচী লোৱাৰ ভাবুকি প্ৰদান কৰে। ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গৰীয়া যুৱ-ছাত্ৰ পৰিষদ, কোছ ৰাজবংশী ছাত্ৰ সন্থা আদিকে ধৰি ৬টা সংগঠনে কাৰ্যালয় উঠাই নিয়াৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত বন মন্ত্ৰীক ৰঙিয়া মহকুমাধিপতিৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আনহাতে বিষয়টো সন্দৰ্ভত বৰ্তমানৰ বিজেপিৰ বিধায়ক ভৱেশ কলিতাৰ স্থিতি সন্দেহজনক বুলিও চৰ্চা আৰম্ভ হৈছে৷