01
Sep
2017

মৰিয়নীঃ ভোকৰ ভাত মুঠিত এতিয়া পুনৰ খৰচ বাঢ়িল৷ খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পাছতেই এইবাৰ বৃদ্ধি হ’ল ৰন্ধন গেছৰ মূল্য৷
অত্যাৱশ্যকীয় ৰন্ধন গেছৰ আকস্মিক মূল্য বৃদ্ধিৰ পাছত সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ মাজতে আজি ৰন্ধন গেছৰ লগতে অন্যান্য ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোৰহাটত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰে যুৱ-ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে৷