মাৰ্ঘেৰিটাঃ এতিয়াও উত্তপ্ত হৈ আছে মাৰ্ঘেৰিটাৰ আকাশ বতাহ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ নিৰ্বাচনী ফলাফলক লৈ সৃষ্টি হোৱা পৰিস্থিতিয়ে এতিয়া ভয়ংকৰ ৰূপ লৈছে৷ আৰক্ষী প্ৰশাসনৰ বৰ্বৰ আত্যাচাৰৰ বলি হোৱা ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰশাসন আৰু মহাবিদ্যালয়খনৰ অধ্যক্ষৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে বিভিন্ন দল-সংগঠন৷

আজি সন্ধিয়া ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, এনএছইউআই, গোৰ্খা ছাত্ৰ সন্থা, আটাছু, অসম জাতীয়তাবাদী যুৱ পৰিষদ, অসম বড়ো-কছাৰী যুৱ ছাত্ৰ সন্থা, আছা আদি ছাত্ৰ সংগঠন কেইটাই মহাবিদ্যালয় কাণ্ডৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত অসম আৰক্ষীয়ে চলোৱা বৰ্বৰ অত্যাচাৰৰ প্ৰতিবাদ আৰু মহাবিদ্যালয়খনত ৰাজনৈতিক হস্তক্ষেপ বন্ধ কৰাৰ দাবীত মাৰ্ঘেৰিটা নগৰৰ ব্লক তিনিআলিৰ উত্তৰ মাৰ্ঘেৰিটা ৰাজহুৱা ৰংগমঞ্চত অধ্যক্ষ ড° বুধিন গগৈৰ পুত্তলিকা দাহ কৰে বহু কেইটা দল-সংগঠনে৷

প্ৰতিবাদকাৰী দল-সংগঠনসমূহে উক্ত স্থানৰ পৰা ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নগৰ খনৰ কেন্দ্ৰীয় খেলপথাৰলৈ এক জোঁৰ সমদল উলিয়ায়৷

আনহাতে সংগঠনৰ দাবীসমূহ চৰকাৰ প্ৰশাসনে মানি নোলোৱা পৰ্যন্ত বৃহস্পতিবাৰৰ পৰা প্ৰতিবাদী সংগঠন কেইটাই অনশন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷