বোকাজানঃ অসমীয়াৰ স্বাভীমানত আঘাত হনা কাৰ্যক কোনে অসমীয়াই সহজে লব পৰা নাই৷ অসমীয়া ডেকাক হত্যা কৰিব খোজা চিচিটিভিৰ ফুটেজ প্ৰত্যক্ষ কৰিলেই তেজ উতলে অসমীয়াৰ৷ অসমীয়াক অনা অসমীয়াই গাত হাত দিয়াই নহয় হত্যা কৰিব খোজা কাৰ্যক সহজে লোৱা নাই প্ৰতিগৰাকী অসমী আই মাতৃৰ সন্তানে৷

বান সাহায্য দিম বুলি ব্যৱসায় প্ৰতিষ্ঠানত মাতি নি থলুৱা যুৱকক হত্যাৰ চেষ্টা চলোৱা অনা অসমীয়া ব্যৱসায়ীৰ বিৰুদ্ধে জাগিছে ৰাজ্যবাসী৷ নগাঁৱত অনা-অসমীয়া ব্যৱসায়ীয়ে প্ৰাক্তন আলফা মুন বৰা সহিতে পাঁচগৰাকী অসমীয়া যুৱকক ধনদাবীৰ মিছা অভিযোগত হত্যাৰ প্ৰচেষ্টা চলোৱা কাৰ্যৰ বিৰুদ্ধে এইবাৰ কাৰ্বি পাহাৰত গুজুৰি উঠিল থলুৱা অসমীয়া৷

থলুৱা অসমীয়াৰ স্বাভিমানত আঘাত কৰা ঘটনাৰ পাছৰে ৰাজ্য উত্তাল হৈ পৰে৷ নগাঁও কাণ্ডৰ বিৰুদ্ধে শুকুৰবাৰে প্ৰাক্তন আলফা আৰু আলোচনাপন্থী আলফাৰ উদ্যোগত তথা বিভিন্ন দল সংগঠন আৰু নগাঁওবাসীৰ সহযোগত বৃহৎ প্ৰতিবাদী সমদল উলিয়ায় অসমীয়া বিৰোধিক হুছিয়াৰ কৰি দিয়াৰ পাছত আজি কাৰ্বি আংলং জিলাত প্ৰতিবাদ সাব্যস্ত কৰে কেইবাশতাধিক লোকে৷

পাহাৰীয়া জিলা কাৰ্বি আংলংৰ পাৰখোৱাত কেইবাশতাধিক লোক সমবেত হৈ অসমীয়া আৰু অসম বিৰোধিক হুছিয়াৰ কৰি দিয়ে৷ আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ পাৰখোৱা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠন তথা পাৰখোৱাবাসী ৰাইজৰ সহযোগত এক বৃহৎ জোৰ সমদল উলিয়ায় নগাঁও কাণ্ডৰ প্ৰতিবাদ জনায়৷

পৰিষদৰ পাৰখোৱা আঞ্চলিক সমিতিৰ কাৰ্যালয়ৰ পৰা শুভাৰম্ভ কৰা জোৰ সমদলটোৱে হোজাই জিলাৰ হালধিআটিলৈকে প্ৰায় চাৰি কিলোমিটাৰ পথ পৰিভ্ৰমণ কৰি পুনৰ পাৰখোৱাৰ দিশে অগ্ৰসৰ হয় আৰু পৰিষদৰ আঞ্চলিক সমিতিৰ কাৰ্যালয় সমীপত জোৰ সমদলটোৰ অন্ত পৰে৷

কেইবাশতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা জোৰ সমদলটোত অনা-অসমীয়া মুৰ্দাবাদ, খিলঞ্জীয়াৰ অপমান সহ্য কৰা নহব, খিলঞ্জীয়া জিন্দাবাদ, দোষীক উচিত শাস্তি প্ৰদান কৰক, যুৱ-ছাত্ৰ পৰিষদ জিন্দাবাদ আদি শ্ল’গানেৰে আকাশ বতাহ কপাই তোলে প্ৰতিবাদকাৰীয়ে৷

জোৰ সমদলত যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ যুটীয়া সম্পাদক ত্ৰিদিপ মেচ, সাংগঠনিক সম্পাদক মৌচুম প্ৰতিম দাস, প্ৰচাৰ সম্পাদক দিপন ভৰালী, সাংস্কৃতিক সম্পাদক প্ৰহ্লাদ বৰাৰ লগতে আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদক সহ কেইবাশতাধিক লোক কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ নগাঁও কাণ্ডৰ প্ৰতিবাদত উলিওৱা জোৰ সমদলত পাৰখোৱা আঞ্চলিক ছাত্ৰ সন্থা, কাৰ্বি আংলং প্ৰাক্তন আলফা সমন্বয় ৰক্ষী সমিতি আৰু পাৰখোৱাবাসী ৰাইজে স্বতঃস্ফূতভাবে ওলাই আহে৷