কলিয়াবৰঃ অসমীয়াৰ স্বাভিমান অসমীয়াৰ সন্মানত জুই দিলে তথাকথিত NSUI ৰ কৰ্মীয়ে। ৰূপহীত NSUI ৰ গুণ্ডাগিৰী। যি গামোচা অসমীয়াৰ অলংকাৰ¸ এই গামোচা পুৰি পেলালে একাংশ দুস্কৃতিকাৰী NSUIৰ পাৱতগজা তথাকথিত কৰ্মীয়ে।

খাকী পোচাকধাৰী আৰক্ষীয়েও জুই নুমুৱাবলৈ গৈ গামোচা গচকি পেলাবলৈ অকনো কুন্ঠাবোধ নকৰিলে। ইয়াৰ পাছতেই সৰ্বত্ৰে গৰিহনা¸ প্ৰতিবাদৰে মুখৰ হৈ উঠিছে ভিন্ন দল-সংগঠন। সকলোৰে এটাই দাবী অসমীয়াৰ স্বাভিমানত আঘাত হনা এই দুস্কৃতিকাৰীক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে।

অসমীয়াৰ চেনেহৰ অলংকাৰ গামোচাক অপমান কৰাটো স্বাভাৱিকতে কোনো অসমীয়াই সহজে ল’ব পৰা নাই। আজি কলিয়াবৰতো ‘অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ’ৰ সদস্য সকলে প্ৰদীপ লস্কৰৰ নেতৃত্বত ৰূপহীকাণ্ডৰ তীব্ৰ বিৰোধিতা কৰি ক’লা বেজ পৰিধান কৰে আৰু ৰাজপথত NSUI ৰ বিৰুদ্ধে ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

দোষীক কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ সকলোৱে আহ্বান জনাই ভৱিষ্যতে যাতে অসমীয়াৰ স্বাভিমানত কোনেও আঘাত হানিব নোৱাৰে তাৰ বাবে কঠোৰ শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক অনুৰোধ জনাই সংগঠনটোৱে৷