
বঙাইগাঁওঃ কৰ্ণাটকৰ জ্যেষ্ঠ সাংবাদিক গৌৰী লংকেশ আৰু ত্ৰিপুৰাৰ যুৱ সাংবাদিক শান্তনু ভৌমিকৰ নৃশংস হত্যাৰ প্ৰতিবাদত আৰু সাংবাদিক সুৰক্ষাৰ দাবীত বঙাইগাঁৱত গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবে দুঘণ্টীয়া মৌন অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰে৷
বঙাইগাঁৱৰ গান্ধী ময়দানত ৰূপায়ণ কৰা এই কাৰ্যসূচীত প্ৰেছ ক্লাবৰ ভালেসংখ্যক সদস্যই মুখত ক’লা কাপোৰ বান্ধি উপস্থিত থাকে৷ প্ৰতিবাদী সাংবাদিকসকলে সাংবাদিক হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী তোলে৷ সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে কঠোৰ আইন প্ৰণয়ন কৰাৰো দাবী জনায়৷
প্ৰতিবাদৰ অন্তত উপায়ুক্তৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়৷