জয়সাগৰঃ কোনো অজ্ঞাতই গাড়ী ভাড়া কৰি নি চালকক হত্যা কৰি চুৰ কৰি নিছিল গাড়ী৷ সেই হত্যা কাণ্ডৰ চাৰিদিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে কোনো সুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই৷ শিৱসাগৰ পৰা নগাঁওলৈ এক অচিনাকি পুৰুষ আৰু মহিলাৰ দলে ৬ নৱেম্বৰৰ দিনা ভাড়া কৰি নিছিল AS04-S-2575 নম্বৰৰ তিয়াগো’ গাড়ীখন৷

চালক হিচাপে লগত গৈছিল  শিৱসাগৰ নগৰৰ দাঁতি কাষৰীয়া কমাৰদফীয়া যুগনীয়া গাঁৱৰ গাড়ীচালক গোপাল দাস৷ সেইদিনাই নগাঁৱৰ বৰদোৱা ৰাইদঙীয়াত চালক গোপাল দাসক হত্যা কৰি গাড়ী লৈ উধাও হয় হত্যাকাৰী ডকাইতৰ দলটো৷  নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত ৰাইডঙীয়াৰ এখন পথাৰত ৬ নৱেম্বৰৰ পুৱা পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছিল গোপাল দাসৰ মৃতদেহ। ডিঙিত কাপোৰেৰে মেৰিয়াই, হাত-ভৰি ৰচীৰে বান্ধি থোৱা অৱস্থাত গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰিছিল মৃতদেহটো।

কিন্তু সেই হত্যাকাণ্ডৰ চাৰিদিন অতিক্ৰম কৰাৰ পাছতো পুলিচ প্ৰশাসনে দাসৰ হত্যাকাৰীক কৰায়ত্ত কৰিব নোৱাৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে শিৱসাগৰ নগৰ উত্তাল কৰি তোলে সদৌ শিৱসাগৰ জিলা অনুসূচীত জাতি ছাত্ৰ সন্থাই। সন্থাৰ শতাধিক কৰ্মীয়ে চহৰখন পৰিভ্ৰমণ কৰি দাসৰ হত্যাকাৰীক অহা ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ত কৰি ফাঁচী দিয়া, শিৱসাগৰ নগৰখনত অচিনাকী লোকক ঘৰ ভাড়া দিয়া বন্ধ কৰা, দাসৰ পৰিয়ালৰ লোকক উপযুক্ত ক্ষতিপূৰণ দিয়া তথা চৰকাৰী কর্মসংস্থাপন দিয়া আদি দাবী সম্বলিত এক স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ হাতত অৰ্পণ কৰে৷ লগতে অতি সোনকালে এই দাবিসমূহ পূৰণ নকৰিলে সন্থাই অতি জংগী কায্যসূচী গ্ৰহণ কৰিব বুলিও স্পষ্ট কৰি দিয়ে৷

৬ নৱেম্বৰৰ দিনা শিৱসাগৰৰ পৰা নগাঁও অভিমুখে যাত্ৰা কৰাৰ পৰবৰ্তি সময়ত পৰিয়ালৰ লোকে গোপাল দাসৰ একো যোগাযোগ কৰিব পৰা নাছিল। শেষত তেওঁৰ কোনো শুংসূত্ৰ লাভ নকৰি পৰিয়ালৰ লোকে সেই নিশাই শিৱসাগৰ আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰিছিল৷

আৰক্ষীয়ে সন্দেহ কৰা অনুসৰি, দুৰ্বৃত্তৰ দলটোৱে নিশা নগাঁৱত উপস্থিত হৈ গাড়ীচালকজনক হত্যা কৰি ৰাইডংগীয়াৰ পথাৰত পেলাই থৈ যোৱাৰ লগতে গাড়ীখন লৈ পলাই যায়। আৰক্ষীয়ে সম্প্ৰতি সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত জোৰদাৰ তদন্ত চলাই আছে যদিও বৰ্তমানলৈ অপৰাধীকেইটা অথবা গাড়ীখনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই৷