শিৱসাগৰঃ শিৱসাগৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ৷ সাম্প্ৰদায়ীক সংঘৰ্ষৰ সৃষ্টি কৰিব খোজা শক্তিৰ বিৰুদ্ধে সংগঠনটোৰ কেইবা শতাধিক নেতা-কৰ্মীয়ে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৰ শিৱসাগৰ জিলা সমিতি আৰু দিচাংমুখ আঞ্চলিক সমিতিয়ে ছচিয়েল মিডিয়া যোগে সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা তথা অনুসূচিত জাতিক তুচ্ছ-তাচ্ছিল্য কৰা লোকক আটক কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে৷

বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিবাশৰ সৃষ্টি কৰি অনুসূচিত জাতিৰ লোকক সুৰক্ষা, সম অধিকাৰ দিয়াৰ দাবী জনায়৷ সংগঠনটোৱে যোৱা ০৩ অক্টোবৰত দিচাংমুখৰ জেইল গাঁও জ্বলাই দিয়াৰ ভাবুকি প্ৰদান কৰাৰ লগতে বিভিন্ন নিন্দা সূচক মন্তব্যই অসমৰ সবাতোকৈ পুৰণি জাতি তথা অনুসূচিত জাতিৰ এটা উপজাতি কৈৱৰ্ত্ত সকলক অপমান কৰি ফেচবুকত প্ৰচাৰ কৰা এটি নিৰ্দিষ্ট জনগোষ্ঠীৰ এচাম ব্যক্তিক প্ৰমাণ সহ চিনাক্ত কৰি সন্থাই তেঁওলোকক আটক কৰাৰ দাবীত জিলা উপায়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰিছিল বুলি জানিবলৈ দিয়ে।

২৪ ঘণ্টাৰ পিছতো প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সন্থাই ক্ষোভ প্ৰকাশ কৰি আজি পথ অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হয় বুলি কয় সংগঠনটোৱে। শীঘ্ৰে দোষীক চিনাক্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে সংগঠনটোৱে জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে সভাপতি পৰশজ্যোতি দাস আৰু সাধাৰণ সম্পাদক মৃদুল দাসে।

অসমতে শান্তি সম্প্ৰীতিৰ পোষকতা কৰো বুলি কৈ সংগঠনটোৱে জাতীক বিৰুদ্ধাচৰণ কৰা কোনো শক্তিৰ সৈতে সংগঠনে আপোচ নকৰে বুলিও কয়। বিভিন্ন সময়ত স্থান-কাল পাত্ৰ অবিচাৰে অনুসূচিত জাতিৰ লোক সকলক কৰা অপমানৰ ঘটনা প্ৰায়ে সংঘটিত হৈ আহিছে। কিছুমান জাত্যাভিমানী তথা দুস্কৃতিকাৰীয়ে অসমৰ সবাতোকৈ পুৰণি জাতি কৈৱৰ্ত্ত জাতিটোক বিভিন্ন সময়ত বিভিন্ন ঠাইত নানান নীচ মনোভাৱেৰে শব্দ প্ৰয়োগ কৰি জাতিটোৰ প্ৰমূল্যবোধত আৰু নিৰ্দিষ্ট জাতিটোৰ লোকসকলৰ মানসিকতাত আঘাত দি অহাতো পৰিলক্ষিত হৈ আহিছে বুলিও সংগঠনটোৱে উল্লেখ কৰে। সংগঠনটোৱে এনে লোকৰ সকলৰ বিৰুদ্ধে শাস্তি প্ৰদান কৰিবলৈ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।