
বিহুগুৰিঃ বড়ো সকলৰ স্বাভিমান আৰু অধিকাৰৰ বাবে বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে৷ ৰাজ্য চৰকাৰৰ এলাগীৰ বলি হোৱা বড়ো জনজাতিৰ লোক সকলে বঞ্চিত হৈ আহিছে নিজৰ প্ৰাপ্যৰ পৰা৷ যাৰ পৰিপ্ৰেক্ষিতত আজি কোকৰাঝাৰ লগতে ঢেকিয়াজুলি বাতাচিপুৰত আবছু কৰ্মীয়ে এক বৃহত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
আজি বাতাচিপুৰ ৰেল ষ্টেচনত ৰাতিপুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ আবছু প্ৰতিবাদকাৰীয়ে ৰেল পথ অৱৰোধ কৰি নিজৰ প্ৰাপ্যৰ হকে প্ৰতিবাদ সাব্যস্ত কৰে৷
এই সময় চোৱাত আবছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰমোদ বড়োই ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰে কৰি অহা প্ৰবঞ্চনাৰ বিষয়ে উল্লেখ কৰি চৰকাৰক কঠোৰ ভাষাৰে গৰিহনা দিয়ে৷ লগতে অসমৰ জাতি-জনগোষ্ঠীৰ আশা আকাংক্ষাক চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে প্ৰমোদ বড়োৱে।
আনফালে ৰাজ্য চৰকাৰে অনাগত দিনত যদি বড়ো সকলৰ ত্যাগক গুৰুত্ব প্ৰদান নকৰে, তেন্তে ইয়াতকৈ বৃহৎ আন্দোলন কাৰ্যসূচী হাতত লবলৈ বাধ্য হ’ব বুলি আবছু প্ৰতিবাদকাৰী সকলে চৰকাৰক সকিয়নী প্ৰদান কৰে৷