নলবাৰীঃ কণ কণ শিশু সকলৰ বিদ্যায়তনিক দায়িত্ব মূৰ পাতি লোৱা অংগনবাড়ী সহায়িকা সকল প্ৰতিনিয়ত বঞ্চিত হৈ আহিছে নিজৰ প্ৰাপ্যৰ পৰা৷ শিক্ষা ব্যৱস্থা আৰু বৌদ্ধিক বিকাশত অনবদ্য ভূমিকা পালন কৰা অংগনবাড়ী সহায়িকা সকলে আনকি নাপায় পৰ্যাপ্ত দৰমহা খিনিও৷

যাৰ ফলত ৰাজ্যৰ ঠায়ে ঠায়ে বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ বাধ্য হৈ পৰিছে এই নিম্ন বৰ্গৰ অংগনবাড়ী সহায়িকা সকলে৷ নিজৰ প্ৰাপ্য অধিকাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হোৱা এই সকল অংগনবাড়ী কৰ্মীৰ প্ৰতিবাদৰ কোনো মূল্য দিয়া নাই চৰকাৰে৷ তথাপি নিজৰ প্ৰাপ্য লাভৰ বাবে মাত মাতি আহিছে এওলোকে৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি নলবাৰীতো সহস্ৰাধিক অংগবাড়ী কৰ্মীয়ে ৰাজপঝলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷ চি ই ইউ টিৰ সহযোগত অংগনবাড়ী সহায়িকা কৰ্মীসকলে আজি নলবাৰী চহৰৰ পোষ্ট অফিচ চ’কত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে৷ ৰাজ্য চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে অংগনবাড়ী সহায়িকা কৰ্মী সকল সৰৱ হৈ তেওঁলোকৰ আঠ দফীয়া দাবীৰ সমৰ্থনত প্ৰতিবাদী কাৰ্যসূচী স্বৰূপে পথ অৱৰোধ কৰে। 

জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তিনি সহস্ৰাধিক কৰ্মী আৰু সহায়িকাই ৰাজপথত তেওঁলোকৰ দাবীৰ সমৰ্থনত শ্ল’গান আৰু প্ৰতিবাদী ধ্বনীৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সকিয়নী প্ৰদান কৰে৷ অংগনবাড়ী সকলৰ প্ৰাপ্য মাননী আদায় দিয়া, মাহিলী অতিৰিক্ত ৫০০০টকা (কৰ্মীক) আৰু ৩০০০ (সহায়িকাক) টকাকৈ প্ৰদান কৰা, অংগনবাড়ী সহায়িকাৰ অৱসৰ কালত এককালীন ভাৱে সুবিধা প্ৰদান কৰা, অংগনবাড়ী গৃহসমূহ সঠিকভাৱে নিৰ্মাণ আৰু মেৰামতি কৰা, উচিত সা-সামগ্ৰী যোগান ধৰা আদি দাবীৰে কৰ্মীসকলে চৌদিশ উত্তাল কৰি তোলে। 

সভাত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰক নেত্ৰীসকলে চোকা সমালোচনা কৰে। সভাত সন্থাৰ নেত্ৰী সকলৰ উপৰিও চি ই টি ইউৰ ৰাজ্যিক সদস্য সকলেও অংশগ্ৰহণ কৰে।