শিৱসাগৰঃ বিভিন্ন শৈক্ষিক সমস্যাৰ সমাধানৰ দাবীত শিৱাগৰত আজি সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে৷ ৰাইজৰ মৌলিক সমস্যা সমাধানত ব্যৰ্থ ৰাজ্য চৰকাৰখনে শিক্ষাৰ ক্ষেত্রত কেতবোৰ ৰাজহুৱা খণ্ডৰ মাতৃভাষাৰ শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঁথনিকে ধৰি নানান সমস্যা সমাধানৰ বাবে কাম কৰিব বুলি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ কিন্তু পৰৱৰ্তি সময়ত শিক্ষা খণ্ডৰ উন্নয়ণৰ বিপৰীতে চৰকাৰখনে মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহ ধ্বংসৰ মূখলৈ ঠেলি দিয়াৰ ষড়যন্ত্র কৰিছে৷ 

তেনে অভিযোগ উত্থাপন কৰি আজি শিৱসাগৰ জিলা আছু সমিতিয়ে ৰাজ্যৰ শিক্ষা বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷  আচুৰ জিলা সমিতিখনে ৫০ খনকৈ বিদ্যালয় কেন্দ্ৰীয় বৰ্ডৰ অধীনলৈ নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা, ছেবা গ্ৰহণ যোগ্যতা শেষ কৰিবলৈ গ্ৰেছ নম্বৰৰ বিষয় ৰাজহুৱা কৰা, ৰাজ্যৰ অসমীয়া আৰু অনা-অসমীয়া শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা আদি কাৰ্য্যৰ দাবী উত্থাপন কৰে৷ 

ৰাজহুৱা খণ্ডৰ মাতৃভাষাৰ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনিৰ সমস্যা সমাধান কৰা, অসমীয়া বিদ্যালয় সমূহত অনা অসমীয়া শিক্ষকৰ নিযুক্তি বন্ধ কৰা, চৰকাৰী ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয় স্থাপনৰ সিদ্ধান্ত বাতিল, দীনদয়াল উপ্যাধায় পৰিৱৰ্তে অসমৰ বৰেণ্য ব্যক্তিৰ নামত আদৰ্শ মহাবিদ্যালয় স্থাপন, ছেবাৰ সংস্কাৰ, প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় স্তৰলৈ সকলো ছাত্র-ছাত্রীৰ শৈক্ষিক সমস্যা সমাধনকে ধৰি ৬টা দাবী উত্থাপন কৰি আছুই শিক্ষা বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী আন্দোলন গঢ়ি তুলি আজি শিৱসাগৰ জিলাৰ আকাশ বতাহ কপাই তোলে৷